চাওক আপোনাৰ দিনটােৰ ৰাশিফল

মেষ ৰাশি- সামাজিক সন্মান বৃদ্ধি হ’ব। ধাৰলৈ দিয়া টকা ঘূৰাই পোৱাৰ আশা কম। বন্ধু আপোনাৰ কামত সহায়ক হ’ব। যাত্ৰা সুখকৰ হ’ব। কিবা কথাক লৈ মন খেলিমেলি হৈ থাকিব।

বৃষ ৰাশি- আপোনাৰ সফলতাৰ বাবে কৰ্মস্থানত সহকৰ্মীৰ ঈৰ্ষা হ’ব। ধন আগমন হ’ব। কাৰ্যত বিলম্ব হোৱাৰ বাবে চিন্তা হ’ব। ব্যৱসায়ত নতুন পদ্ধতি প্ৰয়োগে লাভান্বিত কৰিব। ভগ্নীৰ সৈতে বিবাদ হ’ব পাৰে।

মিথুন ৰাশি- ধৰ্মীয় কাৰ্যত সময় অতিবাহিত হ’ব। ধন উপাৰ্জনৰ নতুন পথ মুকলি হ’ব। মাতৃৰ স্বাস্থ্যৰ চিন্তা হ’ব। পৰিয়ালত মাংগলিক অনুষ্ঠানৰ আয়োজন চলিব। বন্ধু বৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হ’ব।

কৰ্কট ৰাশি- স্থবিৰ কাম আৰু পৰিকল্পনা গতিশীল কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰয়াস কৰা হ’ব। যিকোনো কথাত ভয় নাখাব। আত্মীয়ৰ ওপৰত ভৰসা ৰাখিব। সকলো অনুকূল হ’ব। জীৱন সংগীৰ সৈতে মিলন হ’ব।

সিংহ ৰাশি- নতুন কামত ভাবি চিন্তি ধন বিনিয়োগ কৰিব। পুৰনি ভূমি সম্পৰ্কীয় বিবাদ দীঘলীয়া হ’ব। শত্ৰু পৰাস্ত হ’ব। নতুন সম্পৰ্কই খ্যাতি বৃদ্ধি কৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ যোগ হৈ পৰিছে।

কন্যা ৰাশি- নতুন কাম আৰম্ভ কৰাৰ পূৰ্বে অভিজ্ঞ আৰু জ্যেষ্ঠ জনৰ পৰামৰ্শ ল’ব। ধন বিনিয়োগত সতৰ্ক হ’ব। কোনো কথাত বন্দী হোৱাৰ পৰা বাচিবলৈ পৰিপক্ক হওক।

তুলা ৰাশি- আৰ্থিক অৱস্থা টনকিয়াল হ’ব। নতুন সম্পৰ্ক স্থাপন হ’ব। নিজৰ স্বভাৱ আৰু ব্যৱহাৰ পৰিবৰ্তনে ভাল কৰিব। নিজৰ কৰ্মৰ বাবেই আত্মীয়ৰ পৰা দূৰ হ’ব।

বৃশ্চিক ৰাশি- ভাগ্যোদয় হোৱাৰ সম্ভাৱনা আছে। আজি যি কাম কৰিব সম্পূৰ্ণ আত্মবিশ্বাস আৰু আনন্দেৰে কৰক। নিশ্চিতভাৱে সফল হ’ব। পাৰিবাৰিক সম্পৰ্ক মধুৰ হ’ব। কৰ্মস্থানত কাৰোবাৰ দ্বাৰা আকৰ্ষিত হ’ব।

ধনু ৰাশি- নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল। কানৰ সামান্য অসুখ হ’ব পাৰে। অপ্ৰয়োজনীয় কথাত প্ৰৱেশ নকৰিব, অন্যথা লোকচান হ’ব। চাকৰিত স্থানান্তৰ হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত লোক সকলক সাক্ষাৎ কৰিলে সফলতা প্ৰাপ্ত হ’ব।

মকৰ ৰাশি- আৰ্থিক অৱস্থা স্বচ্ছল হ’ব। যিসকলক আপুনি সহায় কৰিছিল তেওঁলোকেই আপোনাৰ বিৰোধ কৰিব পাৰে। ৰুচি অনুসৰি কাম লাভ কৰাৰ বাবে মন প্ৰসন্ন হ’ব। লাস বিলাসত ধন খৰচ হ’ব। মানসিক অস্থিৰতা থাকিব পাৰে।

কুম্ভ ৰাশি- মতভেদ দূৰ হ’ব। কাৰোবাক মনৰ কথা কোৱাৰ সুবিধা পাব। ব্যৱসায়ত লাভ হ’ব। স্তব্ধ কাম সম্পূৰ্ণ হবলৈ এতিয়াও সময় লাগিব। মাংগলিক কাৰ্যত খৰচ হ’ব।

মীন ৰাশি- পুৰণি কথা পাহৰি আপোনাৰ সম্পৰ্ক নতুনকৈ আৰম্ভ হব। আপোনাৰ উন্নতি দেখি বিৰোধী সকল ক্ষোভিত হ’ব।

Leave a Comment