fbpx
ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২৪ এপ্ৰিল, দেওবাৰ

মেষ ৰাশি- আজি দিনটো আপোনাৰ বাবে ব্যস্ততাপূৰ্ণ হব। অত্যাধিক খং পৰিহাৰ কৰক। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে জেষ্ঠ্যজনৰ পৰামৰ্শ লব পাৰে। ব্যবসায়ত লোকচানে দেখা দিব পাৰে। অবিবাহিত সকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব। পিতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব।

বৃষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন হ’ব। মহিলা সকলে তেওঁলোকৰ কেৰিয়াৰ সলনি কৰিব পাৰে। আজি আপোনাৰ বিত্তীয় পৰিস্থিতি যথেষ্ট উন্নত হ’ব। নিজৰ স্বাস্থ্যৰ যতন লওক। বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা পাৰিলে বিৰত থাকক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। ৰাজনৈতিক সমৰ্থন লাভ কৰিব পাৰে। আজি আপুনি এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ’ব যিয়ে আপোনাক ব্যবসায়ত সহায় কৰিব।

মিথুন ৰাশি- কৰি থকা কাম এটা স্থগিত হ’ব পাৰে। আজি আপুনি আপোনাৰ চাকৰি বা ব্যৱসায়ৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া উচিত। বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে। আপুনি আপোনাৰ কাম ভাগ বতৰা কৰিব পাৰে আৰু পৰিয়ালৰ কিছুমান সদস্যৰ সৈতে পৰিকল্পনা কৰিব পাৰে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ বুলি প্ৰমাণিত হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব।

কৰ্কট ৰাশি- অৰ্থনৈতিক সমস্যাই আপোনাক আজি বিপদত পেলাব পাৰে। অত্যাধিক খং পৰিহাৰ কৰক। মানসিক অশান্তি থাকব। কথা কওতে সাৱধান হওক। জিভা পিচলি কৈ দিয়া কোনো কথাই আজি আপোনাক বিপদত পেলাব পাৰে। কোনো মূল্যবান সম্পদ লৈ যাত্ৰা কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। পিতৃ-মাতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

সিংহ ৰাশি- কৰ্মৰ জৰিয়তে আজি প্ৰশংসা বুটলিবলৈ সক্ষম হব। আজি আপুনি এটা সাংস্কৃতিক কাৰ্যসূচীত যোগদান কৰিব পাৰে। আপোনাৰ মন সুখী হ’ব। আজি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত এজন অভিজ্ঞ ব্যক্তিৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। যাৰ ফলাফল আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আজি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। দাম্পত্য জীৱন সুখৰ হ’ব।

কন্যা ৰাশি- আজি আপুনি জটিল বিষয় এটা সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰে। একাগ্ৰতাৰে কৰা কাৰ্যত সফলতা লাভ কৰিব। অনীহা বৃদ্ধি পাব পাৰে। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। আজি অত্যাধিক ব্যয়ে আপোনাক আৰ্থিক সমস্যাত পেলাব পাৰে। ব্যবসায় সম্পর্কে বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। পত্নীৰ সমৰ্থন লাভ কৰিব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব।

তুলা ৰাশি- আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰক। মনত শংকা থাকিব পাৰে। বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত সকলে আজি সফলতা লাভ কৰিবলৈ সক্ষম হব। দীৰ্ঘম্যাদী বিনিয়োগৰ প্ৰতি আকৰ্ষিত হব পাৰে। স্বাস্থ্যৰ যতন লওক। পেটৰ ৰোগত আক্ৰান্ত হব পাৰে। বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। পিতৃ-মাতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে শুভ। পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হব। কোনো এক নতুন সম্পৰ্কৰ আজিৰে পৰা আৰম্ভণি ঘটিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়াৰ আজি সমাধান হ’ব পাৰে। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ’ব। মানুহে আপোনাক প্ৰশংসা কৰিব। দাম্পত্য জীৱন সুখৰ হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

ধনু ৰাশি- আপোনাৰ বাবে দিনটো শুভ। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। পৰিয়ালৰ কাৰোবাৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে। বুদ্ধিমত্তাৰে কাম কৰক। কামৰ প্ৰতি আপোনাৰ মনোযোগ বিঘ্নিত হ’বলৈ নিদিব। নতুন ব্যবসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। স্বসংযত হওক। পত্নীৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব।

মকৰ ৰাশি- দীৰ্ঘদিনীয়া আধৰুৱা কাম আজি সম্পূর্ণ হ’ব। আপোনাৰ শিশুসুলভ আচৰণে পাৰিবাৰিক সমস্যা সমাধানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দাম্পত্য জীৱন সুখৰ হ’ব। কৰ্মক্ষেত্ৰত উচ্চ বিষয়াৰ সহযোগিতা লাভ কৰিব পাৰে। আপোনাৰ কামৰ দ্বাৰা প্ৰভাৱিত হৈ পদোন্নতিৰ দৰে সুযোগো লাভ কৰিব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে আজিৰ দিনটো লাভজনক হব।

কুম্ভ ৰাশি- মন আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হব। এটা ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বস্ত্ৰ আদি উপহাৰ হিচাপে লাভ কৰিব পাৰে। আকস্মিকভাৱে ধন লাভ কৰিব পাৰে। অৱশ্যে ব্যয়ৰ ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো নিতান্তই আৱশ্যক। বিদেশত পঢ়িব বিচৰা শিক্ষাৰ্থীসকলৰ মনোকামনা পূৰ্ণ হব পাৰে। নিযুক্তিৰ সুযোগ লাব কৰিব পাৰে।

মীন ৰাশি- দিনটো সুখেৰে অতিবাহিত হব। আজি আপুনি বেছিভাগ সমস্যাৰ মোকাবিলা কৰিবলৈ সক্ষম হ’ব। উপাৰ্জনৰ নতুন বাটৰ সন্ধানে আপোনাৰ দীৰ্ঘদিনীয়া আৰ্থিক সমস্যা সমাধান কৰিব। জটিল পৰিস্থিতিত আপোনাৰ সিদ্ধান্ত লোৱাৰ পাৰদৰ্শিতাই আজি পৰিয়ালৰ লগতে আনকো প্ৰভাৱিত কৰিব। পত্নীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!