অসম

গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰে জড়িত ৩ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰে জড়িত ৩ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড।

চিৰাঙৰ বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ঐতিহাসিক ৰায়দান প্ৰদান কৰে।

বিজনী থানাৰ গোচৰ নং ২৯৯/২০২১ সন্দৰ্ভত এই ৰায়দান প্ৰদান কৰে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

৩ অপৰাধী ক্ৰমে ইয়াদ আলীৰ পত্নী লাল ভানু, লাল ভানুৰ পৰকীয়া প্ৰেমিক খণ্ডকাৰ ছফিউৰ ৰহমান আৰু আয়ুব আলী।

ইয়াৰে আয়ুব আলী বৰ্তমানেও পলাতক। ন্যায়াধীশ ইউছুফ আজাজে এই গোচৰৰ ৰায় প্ৰদান কৰে।

বিজনীৰ কাচদহাত বিগত ২০২১ বৰ্ষৰ ৬ জুলাইৰ নিশা বিজনী থানাৰ পৰা নিজৰ কৰ্তব‍্য সামৰি কাচদহাৰ ঘৰলৈ গৈ থকা সময়ত দুই অচিনাক্ত দুৰ্বৃত্তই দাৰে ঘপিয়াই নৃশংস ভাৱে হত‍্যা কৰিছিল গৃহৰক্ষী জোৱান ইয়াদ আলীক।

পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল বিজনী ভাণ্ডাৰা বজাৰৰ ফাৰ্মাচিষ্ট খন্দকাৰ ছফিউৰ ৰহমান সৈতে গৃহৰক্ষী জোৱান ইয়াদ আলীৰ পত্নী লাল ভানুৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল।

এটা সময়ত লাল ভানুয়ে অবৈধ প্ৰেমিক ফাৰ্মাচিষ্ট খন্দকাৰ ছফিউৰ ৰহমানৰ সৈতে মিলি গৃহৰক্ষী জোৱান ইয়াদ আলীক হত‍্যা কৰাৰ ষড়যন্ত্ৰ কৰে আৰু এক লাখ পঞ্চাশ হেজাৰ টকাৰ বিনিময়ত গৃহৰক্ষী জোৱান ইয়াদ আলীক হত্যা কৰাৰ বাবে দুই ভাড়াতীয়া হত্যাকাৰীক দায়িত্ব অৰ্পন কৰিছিলে।

চিৰাং আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই হত্যাকাণ্ডত জড়িত চাৰি হত‍্যাকাৰী ক্ৰমে আব্দুল খালেক, আয়ুব আলী, প্ৰেমিক খন্দকাৰ ছফিউৰ ৰহমান, আৰু প্ৰেমিকা তথা নিহত গৃহৰক্ষী জোৱান জনৰ পত্নী লাল ভানুক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পৰবৰ্তী সময়ত আৰক্ষীৰ এনকাউন্টাৰত হত্যাকাৰী আব্দুল খালেকৰ মৃত্যু হয়।

মাত্ৰ এটা বছৰৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যা কৰাৰ গোচৰত অভিযুক্ত তিনিজন আচামীক ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে আজীৱন কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে লগতে প্ৰতিজন আচামীক ২০ হাজাৰ টকাৰ জৰিমনা বিহে।

Related Articles

Back to top button