অসমঅসমীয়া

গুৱাহাটীৰ পৰা সন্ধানহীন ফার্মাচিষ্ট, ৰঙিয়াত উদ্ধাৰ ম’বাইল ফোন

নিউজ ডেস্ক। পুনৰ গুৱাহাটী মহানগৰীত ৰহস্যজনকভাৱে সন্ধানহীন হ’ল এজন যুৱক।

নিৰুদ্দিষ্ট যুৱকজন ধীৰেনপাৰা চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট অপু তালুকদাৰ বুলি জানিব পৰা গৈছে।

৩১ বছৰীয়া এই যুৱকজন গুৱাহাটীৰ জাপৰিগোগ কৃষ্ণ নগৰৰ নিবাসী।

মাত্ৰ এপষেক পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল নিৰুদ্দিষ্ট অপু তালুকদাৰ।

1 7

জানিব পৰা মতে, বুধবাৰে বিয়লি প্ৰায় ৩.৩০ বজাৰ পৰাই কোনো শুংসূত্র নাই যুৱকজনৰ।

জানিব পৰামতে, অপু তালুকদাৰে বিয়াৰ উপহাৰ ক্ৰয় কৰাৰ বাবে ফাঁচীবজাৰলৈ অহা যুৱকজনে পাণবজাৰৰ এম এম চি এইচ চৌহদত মটৰ চাইকেল ৰাখি পত্নীক ফোন কৰে।

কিন্তু ইয়াৰ পিচৰ পৰাই সন্ধান নাই যুৱকজনৰ।

2 4

ইতিমধ্যে, ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।

ইপিনে বৃহস্পতিবাৰে ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে অপু তালুকদাৰৰ ম’বাইল ফোন।

ইয়াকে লৈ বিষয়টো অধিক ৰহস্যঘন হৈ পৰিছে।

যুৱকজনৰ সম্পৰ্কে যিকােনাে তথ্য থাকিবলে পৰিয়ালৰ লােকে আৰক্ষী নাইবা 84738-68212, 99540-66660 ম’বাইল নম্বৰত অৱগত কৰিবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Back to top button