অসম

গাহৰি বিষ্ণুৰ অৱতাৰ বাবে মুছলমানে ভক্ষণ নকৰে, গৰু ভগৱানৰ অৱতাৰ নহয়ঃ আমিনুল ইছলাম…

গো সুৰক্ষা বিধেয়ক বিতৰ্কত এইবাৰ গাহৰি প্ৰসংগ।

কিয় মুছলমানে গাহৰি নাখায় কলে বিধায়ক আমিনুল ইছলামে।

শুক্ৰবাৰে বিধানসভাত গো সুৰক্ষা বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা বাখ্যাক ভুল বাখ্যা বুলি আখ্যা দিলে বিধায়ক আমিনুল ইছলামে।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত কৈছিল যে, গাহৰি কোৰবাণী দিব নোৱাৰি বাবে মুছলমান সকলে নাখায়।

মুখ্যমন্ত্ৰীৰ এই বাখ্যাক ভুল বুলি আখ্যা দি আমিনুল ইছলামে কয়- ‘কোন কেইটা প্ৰাণী খাব পাৰি বা নোৱাৰি কোৰাণ আৰু হাদিজৰ গ্ৰন্থসমূহত উল্লেখ আছে। গৰু, মহ, ভেৰা, ছাগলী, উট, ডুম্বা বা মুৰ্গী খাব পাৰি বুলি উল্লেখ আছে। সেইকাৰণে গাহৰি কোৰবাণী দিয়া নহয়।‘

AIUDF ৰ বিধায়ক আমিনুল ইছলামে কয়- ‘গাহৰি বিষ্ণুৰ অৱতাৰ বাবে মুছলমানে ভক্ষণ নকৰে। গৰু ভগৱানৰ অৱতাৰ বুলি কোনো শাস্ত্ৰত উল্লেখ নাই।’

লগতে তেওঁ কয়- ‘গো-মাংস নাখালেও মুছলমান-খ্ৰীষ্টানৰ ক্ষতি নহয়। কিন্তু ক্ষতি হ’ব অসমৰ গো-পালক কৃষকসকলৰ।‘

ইপিনে, হিন্দু বসতি প্ৰধান অঞ্চলত যিদৰে গৰুৰ মাংস বিক্ৰী কৰা কচাইখানা থাকিব নালাগে ঠিক সেইদৰে গাহৰি মাংস নোখোৱা অঞ্চলটো গাহৰি মাংস বিক্ৰী কৰা বিপনী থাকিব নালাগে বুলি আইন প্ৰণয়ন কৰিব লাগে বুলি বিধায়কগৰাকীৰ মন্তব্য।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button