fbpx
অসম

ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি বহুতৰে পৰা ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ…

ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি বহুতৰে পৰা ধন সংগ্ৰহ কৰা উত্তৰ প্ৰদেশৰ এজন লোকক গ্ৰেপ্তাৰ।

সোমবাৰে অসম আৰক্ষীৰ চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছে উপেন্দ্ৰ পাণ্ডে নামৰ এজন প্ৰৱঞ্চকক।

চি আই ডিয়ে জানিব দিয়া মতে, মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা কিন্তু বৰ্তমান গুৱাহাটীৰ বেলতলাত থকা পাণ্ডেয়ে নিজকে ক্ৰাইম ব্ৰাঞ্চ পৰিদৰ্শক বুলি চিনাকি দি চি আই ডিৰ বিভিন্ন গোচৰৰ অভিযুক্তৰ পৰা ধন দাবী কৰি আহিছিল।

তেওঁ ধন দাবী কৰা লোকসকলক দোষমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি এই কৰ্মকাণ্ড সংঘটিত কৰিছিল।

এনে তথ্য লাভ কৰাৰ লগে লগে চি আই ডিয়ে গোচৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে তেওঁক আদালতত হাজিৰ কৰি পৰৱৰ্তী জেৰাৰ বাবে ন্যায়িক জিম্মাত লোৱা হৈছে।

লগতে তেওঁৰ বাসগৃহত তালাচী চলোৱা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!