অসম
কোকৰাঝাৰৰ জিলা পৰিবহন বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ, জব্দ নগদ ৩৬ লাখ টকা…

কোকৰাঝাৰৰ জিলা পৰিবহন বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ।
নিশা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক।
লগতে ৩৬ লাখ টকা নগদ ধন জব্দ কৰে আৰক্ষীয়ে।
দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধজনিত কৰ্মত লিপ্ত হৈ ধন সংগ্ৰহৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।
অসম–বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট বাহিনীৰ সৈতে মিলিত থকাৰ অভিযোগৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে নিশা অভিযান চলাই ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ কৰে পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক।
সম্প্ৰতি বিষয়াগৰাকীৰ অগাধ সম্পত্তিৰ উৎস বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।