fbpx
অসম

কিমান নিৰ্দয়! জন্মদিনৰ বাবে পিতৃৰ সৈতে বজাৰলৈ যোৱা কণমানিক হত্যা কৰিলে স্বয়ং পিতৃয়ে…

মানুহ আচলতে কিমান নিৰ্দয় হ’ব পাৰে ভাবিলেই আচৰিত লাগে।

নিজৰ কণমানি পুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী পিতৃয়ে।

গহপুৰৰ কোকিলা পথাৰত এটি এবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ।

আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী পিতৃ শচীন বৰদলৈক।

তথ্য অনুসৰি, পুৱতিনিশা প্ৰায় তিনি বজাত ঘৰত উপস্থিত হৈ শচীনে পত্নী আৰু জীয়াৰীৰ চোতালৰ পৰা মাতে। তেওঁৰ হাতত আছিল এখন দা। এনে অৱস্থাত পত্নী আৰু কন্যা ঘৰৰ পৰা ওলাই নাহে। শচীনক ঘৰৰ চোতালত প্ৰত্যক্ষ কৰি সকলোৱে নিশ্চিত হয় যে তেৱেঁই নিজ সন্তানক হত্যা কৰিছে।

শচীনে এই সন্দৰ্ভত বাটত কোনো ডকাইতে আগচি ধৰাৰ কথা কৈ নিজকে বচাবলৈ চেষ্টা কৰিছিল যদিও এই কথা বিশ্বাসযোগ্য নাছিল। পিছত ৰাইজে লপা-থপা দি বৰদলৈক আৰক্ষীক গটাই দিয়ে।

পত্নীয়ে সদৰি কৰা অনুসৰি, হত্যাকাৰী শচীনে পূৰ্বেও কেইবাজনো লোকক হত্যা কৰাৰ ভাবুকি দিছিল। শচীন বৰদলৈৰ আছিল পাৰিবাৰিক সংঘাত।

উল্লেখ্য, পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা পুত্ৰ পৰাগজ্যোতি বৰদলৈৰ কালি এবছৰীয়া জন্মদিন আছিল।

সেয়ে বুধবাৰে নিশা পিতৃৰ সৈতে বজাৰ কৰিবলৈ ওলাই গৈছিল। কিন্তু তেতিয়াৰ পৰা দুয়ো সন্ধানহীন হৈ থাকে আৰু পিছদিনা পুৱা গাঁৱৰ পথাৰত শিশুপুত্ৰৰ মৃতদেহ উদ্ধাৰ হয়।

Related Articles

Back to top button