fbpx
অসম

কন্যাক পৰীক্ষাত উত্তৰ লিখি দিয়া শিক্ষক পিতৃসহ দুজনক নিলম্বন…

এফালে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল, আনফালে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত আজব কাণ্ড৷

পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শিক্ষক পিতৃয়ে কন্যাক লিখি দিলে উত্তৰ।

কেন্দ্ৰটোৰ ‘SICK ROOM’ত উত্তৰ লিখি দিয়া ভিডিঅ’ ভাইৰেল সামাজিক মাধ্যমত৷

ইয়াৰ পিছতে নিলম্বন কৰা হৈছে কন্যাক পৰীক্ষাত উত্তৰ লিখি দিয়া শিক্ষক পিতৃক।

এ এইছ বৰভূঞাই পৰীক্ষা কেন্দ্ৰত নিজ কন্যাক লিখি দিছিল উত্তৰ।

কন্যাক উত্তৰ লিখি দিয়া অপৰাধত এ এইছ বৰভূঞাক নিলম্বন।

আনহাতে পৰীক্ষা হ’ললৈ ম’বাইল নিয়াৰ অপৰাধত বিকাশ পুৰকায়স্থক নামৰ আন এজনক নিলম্বন।

ছাত্ৰীগৰাকীৰ পৰীক্ষাও বাতিল কৰিলে কাছাৰ জিলা প্ৰশাসনে।

বাশকান্দি নেনামিঞা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ পাছতে ভাইৰেল হৈছিল ভিডিঅ’।

১৩ মাৰ্চত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সহায় কৰিছিল কন্যাক।

Related Articles

Back to top button