কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰথম দিনাই সলনি কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামঃ গৌৰৱ গগৈ

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পিছত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ।

ছ’চিয়েল মিডিয়াযোগে বিজেপি চৰকাৰৰ এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰে সাংসদ গগৈয়ে।

এই সন্দৰ্ভত টুইট কৰি গগৈয়ে কয়, – যেতিয়া অসমত পৰৱৰ্তী কংগ্ৰেছ চৰকাৰ গঠন হ’ব, প্ৰথম দিনাই আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰিম। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম আঁতৰোৱা বিজেপি চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিম। ভাৰতীয় সংস্কৃতিয়ে আমাক আৰ এছ এছ আদৰ্শৰ বিপৰীতে শ্বহীদসকলক সন্মান কৰিবলৈ শিকায়।

উল্লেখ্য যে, বুধবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে- আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই কেবিনেট বৈঠকে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave a Comment