নিউজ ডেস্ক। পুনৰ এক ভয়াৱহ দুৰ্ঘটনাত অকালতে মৃত্যু ঘটিল এজন যুৱ প্ৰবক্তাৰ।
এইবাৰ দুৰ্ঘটনাৰ স্থান গোলাঘাট-মেৰাপানী সংযোগী পথৰ শিঙিৰজান।
মংগলবাৰে সন্ধিয়া গোলাঘাট-মেৰাপানী সংযোগী পথৰ শিঙিৰজান দলঙৰ সমীপত এল্ট’ বাহনৰ সৈতে মাটি কঢ়িওৱা ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত মৃত্যু ঘটে এল্ট’ বাহনৰ চালক তথা ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰবক্তা অংকুৰ শইকীয়াৰ।
জানিব পৰা মতে, নিজৰ AS-03W-4540 বাহনখনেৰে মহাবিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত শিঙিজানত দলঙৰ সমীপতে বিপৰীত দিশৰ পৰা অহা AS-02B-5585 নম্বৰৰ ডাম্পাৰৰ সৈতে ভয়ংকৰ সংঘৰ্ষ হয়।
এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে ডাম্পাৰখন পথৰ ওপৰতে বাগৰি পৰে আৰু এল্ট’ বাহনখনাে বিধ্বস্ত হৈ পৰে।
এই ঘটনাই ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যাপক-শিক্ষাৰ্থী সকলৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, অংকুৰ শইকীয়াৰ ঘৰ যােৰহাট জিলাৰ নগাবাটত।
পিতৃ-মাতৃৰ নাম ক্ৰমে সত্যব্ৰত শইকীয়া আৰু বেবী হাজৰিকা।
লগতে চাওকঃ
যৌতুকৰ বাবেই বাতিল বিবাহ! জ্যেষ্ঠ কন্যাৰ বিয়াৰ মণ্ডপতে সম্পন্ন হ’ল কনিষ্ঠ কন্যাৰ বিবাহ