অসম

এবছৰ সম্পূৰ্ণ হ’ল যোৰহাটৰ ফেৰী দুৰ্ঘটনাৰ, যাত্ৰীৰ নিৰাপত্তা অবিহনেই চলি আছে শ শ ফেৰী…

আজি এবছৰ সম্পূৰ্ণ হ’ল যোৰহাটৰ শিহৰণকাৰী ফেৰী দুৰ্ঘটনাৰ।

নিমাতি ঘাটৰ দুৰ্ঘটনাত দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষত ডুব গৈছিল এখন ফেৰী।

ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত কৰুণ মৃত্যুক আকোৱালি ল’ব লগা হৈছিল ৩ জনকৈ লোকে।

যাত্ৰীৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট মজুত নৰখাৰ বাবেই তিনিজন যাত্ৰীয়ে হেৰুৱাব লগীয়া হৈছিল প্ৰাণ।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছিল অধ্যাপিকা পাৰমিতা দাসৰ লগতে সলিল সমাধি হৈছিল ডাঃ বিক্ৰমজিৎ বৰুৱা , ইন্দ্ৰশ্বৰ দাসৰ।

আজিও সেই ভয়ংকৰ দুৰ্ঘটনাৰ স্মৃতি সোঁৱৰি আতংকিত হৈ পৰে বহুলোক।

কিন্তু তিনিগৰাকীৰ মৃত্যুৰ পাছতো গা নলৰিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈয়ে আজিও চলি আছে শ শ ফেৰী।

ইয়াৰেই পৰিণাম স্বৰূপে বুধবাৰে নিমাতিঘাতৰ পৰাই কমলাবাৰীৰ গৈ থকা ফেৰীখনত হঠাৎ সোমাই আহে পানী।

কথমপি প্ৰাণ ৰক্ষা পৰে ফেৰীখনত যাত্ৰা কৰা লোকসকলৰ।

নিমাতীঘাটৰ প্ৰথমটো দুৰ্ঘটনাৰ পাছতেই কেৱল এটা ইঞ্জিন থকা ফেৰী সমূহ চৰকাৰে বন্ধ কৰিবলৈ দিছিল যদিও বৰ্তমানো বিভিন্ন ঠাইত পৰিলক্ষিত হয় এনে ফেৰী।

যাৰ ফলত আজিও প্ৰাণৰ সংশয়ৰ মাজতেই যাত্ৰা কৰি আছে শ শ লোকে।

Related Articles

Back to top button