এতিয়াৰে পৰা উৰণীয়া সেতুত চালকে ৰখাব নোৱাৰিব বাছ

নিউজ ডেস্ক। মহানগৰীৰ উৰণীয়া সেতুত এতিয়াৰে ৰখাব নোৱাৰিব বাছ।

মহানগৰীৰ তীব্ৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে ট্রেফিক আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই।

বুধবাৰে উপায়ুক্ত গৰাকীয়ে ডিলাক্স এছ’চিয়েচন, মিনি বাছ এছ’চিয়েচন, গুৱাহাটী মেট্ৰ এছ’চিয়েচন আদি বাছ সন্থাৰ সভাপতি-সম্পাদক আৰু গুৱাহাটী পৌৰ নিগম, জিলা পৰিবহন, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আদিৰ বিষয়াবৰ্গৰ লগত এখন সভা অনুষ্ঠিত কৰে।

G2 2
এতিয়াৰে পৰা উৰণীয়া সেতুত চালকে ৰখাব নোৱাৰিব বাছ 3

উল্লেখ্য যে, মহানগৰীত চিটি বাছ চালকৰ দৌৰাত্ম্য আৰু য’তে-ত’তে বাছ ৰখোৱাৰ ফলত সৃষ্টি হৈ অহা যান-জঁটৰ সমস্যাক লৈ দীৰ্ঘদিনৰ পৰা অভিযোগ কৰি আহিছিল মহানগৰৰবাসীয়ে।

শেহতীয়াকৈ মহানগৰবাসীৰ এই সমস্যা সমাধানৰ বাবে উৰণীয়া সেঁতুসমূহত বাছ ৰখোৱাটো কঠোৰভাৱে বন্ধ কৰিবলৈ গুৱাহাটী ট্ৰেফিক আৰক্ষীক ব্যৱস্থা লব’লৈ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে।

G2 2
এতিয়াৰে পৰা উৰণীয়া সেতুত চালকে ৰখাব নোৱাৰিব বাছ 4

ইয়াৰ উপৰি মহানগৰৰ ৬০টা বিভিন্ন বাছ আস্থানত অতি সোনকালে আস্থান হিচাপে চিহ্নিত কৰা স্থায়ী ফলক লগাবলৈ গুৱাহাটী পৌৰ নিগম, পৰিবহন বিভাগ আৰু লোক নিৰ্মাণ বিভাগক যুটীয়াভাৱে ব্যৱস্থা লব’লৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

আনহাতে, এতিয়াৰে পৰা চালকৰ বে-আইনী কোনো কামৰ বাবে আৰু চিহ্নিত নকৰা স্থানত বাছ ৰখালে মালিকৰ পৰিৱৰ্তে বাছ চালকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলিও সতৰ্ক কৰি দিয়ে জিলা উপায়ুক্তই।

Leave a Comment