
এগৰাকী ১৩ বছৰীয়া ছাত্ৰৰ চমক, ইউটিউবত চাই ঘৰতেই সাজি উলিয়ালে ড্ৰ’ন…
প্ৰচুৰ উদ্ভাৱনী শক্তিৰ অধিকাৰী এগৰাকী ১৩ বছৰীয়া ছাত্র। নাম তেওঁৰ অবিনাশ ভূঞা।
গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী গাগল গাঁও নিবাসী তথা আউনীবাড়ী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত পদ্মেশ্বৰ ভূঞা আৰু বিউতি ভূঞাৰ সুযোগ্য সন্তান অবিনাশ ভূঞা।
স্থানীয় কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ এগৰাকী অমায়িক আৰু মেধাৱী ছাত্র অবিনাশ।
জীৱন যুদ্ধৰ জীৱন পৰিক্ৰমাৰ অ-আ, ক-খ বুজি নৌপাওঁতেই কম বয়সতে পিতৃক হেৰুওৱাৰ পিছত মাতৃ আৰু দুই ভগ্নীৰ আলসুৱা মৰম আৰু আদৰ-আপদাৰত ডাঙৰ-দীঘল হোৱা অবিনাশে নিজৰ উদ্ভাৱনী শক্তিৰ বলত মাত্ৰ দুমাহৰ ভিতৰত এখন সৰু ড্ৰ’ন সাজি উলিয়াই চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

ইউ টিউবৰ পৰা কিছুমান কাৰিকৰী পদ্ধতি আয়ত্ব কৰি ৰিমটসহ সাজি উলিওৱা এই ড্ৰ’ন কেমেৰাত তেওঁৰ ব্যয় হৈছে প্ৰায় ১৪ হাজাৰ টকা।
বজাৰৰ পৰা ক্ৰয় কৰি অনা মেটেল আৰু প্লাষ্টিকৰ সঁজুলিৰ লগতে “স্ক্ৰু”ৰ সহায়ত অবিনাশে সাজি উলিওৱা এই ড্ৰ’ন কেমেৰাটো বায়ুমণ্ডলত ডেৰ-দুই কিলোমিটাৰ পৰ্য্যন্ত ওপৰলৈ উৰুৱাব পৰা গৈছে।
মঙলবাৰে তেওঁ পৰীক্ষামূলকভাৱে এই ড্ৰ’ন ৰিম’ট কণ্ট্ৰলেৰে উৰুৱাই দেখুৱায় সংবাদ মাধ্যমৰ আগত।
অৱশ্যে ইয়াৰ সামান্য কাম বাকী থকা বুলি উল্লেখ কৰে অবিনাশে। চাৰিটা পেঞ্চিল বেটাৰীৰ সহায়ত ৰিম’টটো চলোৱাৰ লগতে মূল ড্ৰ’নখন চলাবলৈ তাত সংযোগ থকা বেটাৰী চাৰ্জ দিবলগীয়া হয়।

সৰুৰে পৰাই এটা সৃষ্টিশীলতাৰ মন লৈ শৈক্ষিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱা দৃঢ় মানসিক শক্তিৰ অধিকাৰী মেধাৱী ছাত্র অবিনাশ ভূঞাই অনাগত দিনত এটি যন্ত্ৰচালিত চৰাই সাজি আকাশত উৰুৱাৰ পৰিকল্পনা কৰিছে।
চৰাইটিৰ নিৰ্মাণ কাৰ্য ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে মন্তব্য কৰে।

ভৱিষ্যতে এগৰাকী দক্ষ মেকানিকেল ইঞ্জিনিয়াৰ হৈ নিজকে সু-প্ৰতিষ্ঠা কৰিবলৈ বদ্ধপৰিকৰ অবিনাশ।





