fbpx
অসম

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ গাণনিক বিষয়া মদন মোহন সিং…

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত এতিয়াও বন্ধ হােৱা নাই উৎকােচৰ বেহা।

এইবাৰ উৎকোচ লৈ হাতে লােটে গ্ৰেপ্তাৰ গাণনিক বিষয়া মদন মোহন সিং।

১০ হাজাৰ উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ হয় শিলচৰৰ বিষয়াগৰাকী।

image 130

দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মদন মোহন সিং নামৰ বিষয়াজনক।

শিলচৰৰ কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত গাণনিক বিষয়া মদন মোহন সিং।

উৎকোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ কৰা হয় মদন মোহন।

আৰক্ষীয়ে জনোৱা মতে, চৰকাৰী কৰ্মচাৰীজনে নিজৰ কাৰ্যালয়ত কৰ্তব্যৰত অৱস্থাত এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ পৰা দহ হাজাৰ টকা উৎকোচ লবলৈ গৈ ধৰা পৰে।

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে চৰকাৰী ঋণ লোৱাৰ বাবে আবেদন জনাইছিল। কিন্তু ট্রেজাৰি কাৰ্যালয়ত তেওঁৰ নথি আবদ্ধ কৰি ৰাখি হাৰাশাস্তি কৰা হৈছিল।

লগতে এই কাম কৰি দিয়াৰ বাবদ ১੦ হাজাৰ টকা উৎকােচ দাবী কৰিছিল মদন মােহন সিং নামৰ বিষয়াজনে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!