অসম

উৎকোচ লৈ থাকোতেই হাতে-লোটে ধৰা পৰিল দুৰ্নীতিগ্ৰস্থ পৰিবহণ বিষয়া হোমেন দাস…

নগাঁৱত ধন লৈ থাকোতে হাতে-লোটে ধৰা পৰিল পৰিবহন বিভাগৰ এমভিআই।

খোদ নগাওঁ আৰক্ষীয়ে আটক কৰিলে এমভিআই গৰাকীক।

ধৃত এমভিআই গৰাকীৰ নাম হোমেন দাস।

ৰাজ্যৰ এজন ক্ষমতাশালী ব্যক্তিৰ ভাতৃ এইগৰাকী এমভিআই।

এমভিআই গৰাকীৰ সৈতে পৰিবহন বিভাগৰ এজন পিয়ন আৰু এজন কৰ্মচাৰীকো আটক কৰিছে আৰক্ষীয়ে।

হোমেন দাসৰ নগাঁৱত থকা ফ্লেটতো চলে আৰক্ষীৰ অভিযান।

হয়বৰগাঁৱত আছে হোমেন দাসৰ এই ফ্লেটটো।

ফ্লেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ৪ লাখ টকা।

ইতিমধ্যে নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে আৰক্ষীৰ দল।

গুৱাহাটীৰ হাতীগাঁৱত থকা তেওঁৰ বাসগৃহত চলাব অভিযান।

এই উৎকোচ কাণ্ডৰে জড়িত এম ভি আই হোমেন দাসকে ধৰি মুঠ ৪ জনক গ্ৰেপ্তাৰ কৰিছে নগাওঁ আৰক্ষীয়ে।

Related Articles

Leave a Reply

Back to top button