আৰক্ষী অপহৰণকাৰীৰ মাজত প্ৰচাণ্ড গুলীয়াগুলী, এজনক কৰায়ত্ত…

শুকুৰবাৰে নিশা গোৱালপাৰাত সংঘটিত হৈছে প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা।

গোৱালপাৰা জিলাৰ নিউ কৃষ্ণাই ৰেলৱে ষ্টেচনৰ নিকটবৰ্তী পেটকাটাত নিশা সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা ।

আৰক্ষী-অপহৰণকাৰীৰ মাজত সংঘটিতত হয় এই গুলীয়াগুলী।

অপহৰণকাৰীৰ দলটোৰ এজনক আৰক্ষীয়ে কৰায়ত্ত কৰে যদিও বাকীকেইজন আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

জানিব পৰা মতে, কেইদিনমান পূৰ্বে গোৱালপাৰাৰ বগুৱানৰ ৰবিউল ইছলাম নামৰ এগৰাকী ব্যৱসায়ীক দুৰ্বৃত্তৰ এটা দলে কৃষ্ণাইৰ পৰা অপহৰণ কৰে৷

সেই সংক্ৰান্ততে যোৱা নিশা গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক মৃনাল ডেকা আৰু উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অপহৃতক উদ্ধাৰৰ বাবে কৃষ্ণাইৰ নিকটৱৰ্তী কেইবাখনো গাঁৱত অভিযান চলায়।

আৰক্ষীয়ে গোপন সূত্ৰে এক তথ্য লাভ কৰে যে, অপহৃত ব্যৱসায়ী জনক অপহৰণকাৰীয়ে পেটকটা অঞ্চলত লুকুৱাই ৰাখিছে৷

উক্ত তথ্যৰ ভিত্তিতে নিশা আৰক্ষীৰ এটা বৃহৎ দলে অপহৰণকাৰীৰ সন্ধানত অভিযান চলায়।

এই অভিযান কালতে অপহৰণকাৰীৰে আৰক্ষীৰ দলটোৰ মুখামুখি হয় আৰু আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক ৰখিবলৈ নিৰ্দেশ দিয়ে৷

আৰক্ষীৰ নিৰ্দেশক কেৰেপ নকৰি ওলোটাই আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ আৰক্ষীয়েও গুলীৰে দিয়ে প্ৰত্যুত্তৰ৷

এই গুলীচালনাত কোনো লোক হতাহত হোৱা নাই যদিও আন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তৰ দলটো পলাই যাবলৈ সক্ষম হয়৷

অবশ্যে আৰক্ষীয়ে সোধাপোচাৰ বাবে ইতিমধ্যে নিশাই পেটকটা গাঁৱৰ পৰা চাৰিজনক আটক কৰে৷

আনহাতে আৰক্ষীয়ে বৰ্তমানেও অপহৃত ব্যৱসায়ী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও অভিযান তীব্ৰতৰ কৰি তুলিছে৷

Leave a Comment