অসম

আৰক্ষীৰ তালাচীত ৭ কাৰ্টন বিস্ফোৰক সামগ্ৰী জব্দ, মহিলা সৰবৰাহকাৰীক আটক…

সোণাৰিত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।

গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছত উদ্ধাৰ ৭ কাৰ্টন বিস্ফোৰক সামগ্ৰী।

সোণাৰি আৰক্ষী থানাৰ সন্মুখত থকা বাছ কাউণ্টাৰত নমাইছিল সামগ্ৰীখিনি।

জানিব পৰামতে, নাগালেণ্ডৰ নামচাই ভেৰি মিজো নামৰ এগৰাকী নগা মহিলাই এখন অট’ত বিস্ফোৰকখিনি নামতলালৈ লৈ গৈ থকা অৱস্থাত নামতলা আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি।

উল্লেখ্য যে, নামতলা আৰক্ষীয়ে তালাচী চলাই থকা সময়তে মহিলাগৰাকীয়ে কাৰ্টন কেইটাত কিতাপ থকা বুলি জানিবলৈ দিয়ে।

কিন্তু আৰক্ষী জোৱানজনে মহিলাগৰাকীৰ কথাত পতিয়ন নগৈ কাৰ্টনকেইটা চাবলৈ বিচৰাত আৰক্ষী জোৱানজনক ধনৰ টোপোলা আগবঢ়াই দিয়ে।

পিছত আৰক্ষী জোৱানজনৰ অধিক সন্দেহ হোৱাত কাৰ্টনকেইটা খুলি চোৱাত সকলো কথা পোহৰলৈ আহে।

ইতিমধ্যে আৰক্ষীয়ে নগা মহিলাগৰাকীৰ লগতে অট’ চালক আদাম তাঁতীক আটক কৰিছে।

বৰ্তমান আটকাধীন মহিলা আৰু অট’ চালকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button