অসম

আৰক্ষীৰ তালাচীত যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ ২কোটি টকাৰ ড্ৰাগছ, আটক ২ সৰবৰাহকাৰী…

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অব্যাহত আছে অভিযান।

কার্বি আংলং জিলাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী লাহৰীজানত আৰক্ষীয়ে এখন যাত্রীবাহী বাছত তালাচী চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্রাগছ জব্দ কৰিবলৈ সক্ষম হয়।

লগেত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷

ধৃত সৰবৰাহকাৰী দুটা ক্রমে বিহাৰৰ পূব চম্পাৰণ জিলাৰ ৰাজেপুৰৰ সঞ্জীত কুমাৰ (২৭) আৰু নাগালেণ্ডৰ পশ্চিম ডিমাপুৰ জিলাৰ অন্তর্গত জেলিয়াংৰং নিৱাসী আনন্দ ৰায় বুলি চিনাক্ত কৰা হৈছে৷

এক গোপন সূত্রৰ ভিত্তিত লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্রাপ্ত বিষয়া মনোজ্জ্বল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান আৰম্ভ কৰে৷

উক্ত অভিযানত সোমবাৰে দিনৰ প্রায় ১২.৩০ বজাত এ এছ–০৯ চি–৬০৫৪ নম্বৰৰ যাত্রীবাহী বাছখনত তালাচী চলাই বাছখনৰ ১৭ আৰু ১৮ নম্বৰ আসনৰ তলত দুটা পলিথিনৰ বেগত লুকুৱাই ৰখা অৱস্থাত এক কিলোগ্রাম মৰফিন জব্দ কৰিবলৈ সক্ষম হয়৷

জব্দ হোৱা ড্রাগছখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য কমেও দুই কোটি টকা বুলি অনুমান কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *