আহি আছোঁ মাৰ্কেটত নতুনকৈঃ হিমা দাস…

বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজলাই বৃহস্পতিবাৰে পুৱাৰ ভাগতে নিজ মাতৃভূমিত উপস্থিত হয় বজ্ৰকন্যা লাভলীনা বৰগোহাঁই।

অসমত উপস্থিত হোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিপুল আদৰণি জনোৱা হয় লাভলীনাক।

লাভলীনাক সম্বৰ্ধনা জনাবলৈ গুৱাহাটীস্থিত কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয় বৃহৎ সভা।

সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ কৰিলে লাভলীনা বৰগোহাঁইক।

এই অনুষ্ঠানতে লাভলীনালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হয় ১ কোটি টকাৰ চেক।

লগতে পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকৰা বিশেষ জলপানি।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিশ্ববাসীৰ সন্মুখত অসমক পৰিচয় কৰাই দিয়া আন এগৰাকী অসম তনয়া হিমা দাস।

ইতিমধ্যে বিশ্ব দৰবাৰত অসমৰ নাম উজলাইছে হিমা দাসে।

সাংবাদিকেৰে হোৱা বাৰ্তালাপত ধিং এক্সপ্ৰেছ হিমা দাসে লাভলীনা বৰগোহাঁইৰ এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

হিমাই কয়- লক্ষ্য যদি স্থিৰ থাকে সকলোৱে সফল হ’ব। লাভলীনাই সেইটো দেখুৱালে।

আনহাতে লাভলীনা অসম আৰক্ষীৰ DSP পদত অধিষ্ঠিত হোৱাতো অসম আৰক্ষীৰ বাবে এক গৌৰৱৰ কথা বুলিও মন্তব্য কৰে হিমাই।

লগতে অধিক আত্মবিশ্বাসেৰে হিমাই কয়- ‘অলপ দিন লাগিব, আহি আছোঁ মাৰ্কেটত নতুনকৈ।’

Leave a Comment