fbpx
অসম

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ।

দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে।

পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

মেঘালয়ৰ ৬০টা সমষ্টিৰ ৫৯টা সমষ্টিত অনুষ্ঠিত ভোট গ্ৰহণ।

মেঘালয়ত মুঠ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী ৩৬৯জন।

মেঘালয়ত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২১,৭৫,২৩৬জন।

দক্ষিণ তুৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে কনৰাড চাংমাই। প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

image 96

আনহাতে, নাগালেণ্ডত ৫৯টা সমষ্টিৰ বিপৰীতে ১৮৩জন প্ৰাৰ্থী অৱতীৰ্ণ। ইয়াৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা ৪গৰাকী।

ইয়াৰ ভিতৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় অকুলুটুৰ BJPৰ প্ৰাৰ্থী কহেতু কিনিমিৰ।

ৰাজ্যখনত মুঠ ভোটাৰ প্ৰায় ১৩,১৭,৬৩২জন।

মুঠ ২,৩১৫টা কেন্দ্ৰত ভোট গ্ৰহণ।

Related Articles

Back to top button