অসম
আজি পবিত্ৰ মে-ডাম মে-ফী, উপৰি পুৰুষক আন্তৰিক স্মৰণ আহোমসকলৰ…

আজি পবিত্র মে-ডাম-মে-ফী।
টাই আহোম ধৰ্মীয় ৰীতি নীতিৰে দেওশালত পূজা আহোম পুৰোহিতসকলৰ।
টাই- আহোম জনগোষ্ঠীয় লোক সকলে উপৰিপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী পালন কৰি আহিছে।
উজনি অসমৰ বিভিন্ন ঠাইত পৃথকে পৃথকে মে-ডাম-মে-ফী অনুষ্ঠিত কৰিব।
টাপমত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়।
মে-ডাম-মে-ফিৰ অৰ্থ হ’ল- মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ’ল মৃতকৰ দেও।