অসম
‘আজি গান গাবলৈ মন নাই, গান নাগাওঁ’- হঠাৎ মঞ্চৰ পৰা নামি আহে জুবিন গাৰ্গ…

বিভিন্ন সময়ত মঞ্চত বিভিন্ন মন্তব্যৰে বিতৰ্কৰ মাজত থকা জুবিন গাৰ্গ এইবাৰ পুনৰ সোমাই পৰিছে আন এক বিতৰ্কত।
এইবাৰ গীত পৰিৱেশন নকৰাকৈয়ে মঞ্চৰ পৰা নামি গ’ল শিল্পীগৰাকী।
যোৱানিশা শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আছিল জুবিনৰ সংগীতানুষ্ঠান। কিন্তু মঞ্চত গান গাবলৈ উঠাৰ পিছতে এটাও গীত পৰিৱেশন নকৰাকৈ মঞ্চ ত্যাগ কৰে জুবিনে।
মঞ্চত উঠিয়ে জুবিনে কয়- ‘আজি গান গাবলৈ মন নাই, গান নাগাওঁ’।
ইয়াৰ পিছতে জুবিনৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটে।
ঘণ্টা ঘণ্টা ধৰি জুবিনৰ অনুষ্ঠান উপভোগ কৰিবলৈ ৰৈ থকা দৰ্শকক তিলমানো গুৰুত্ব নিদি এটা গীত পৰিৱেশন নকৰাকৈ মঞ্চৰ পৰা নামি অহা ঘটনাই শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে