অসম

আগন্তুক ৫দিনলৈ ৰাজ্যত হ’ব নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী…

কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হয় প্ৰলয়ংকাৰী বানৰ।

বানৰ কবলত ৰাজ্যৰ ৫০ লাখতকৈও অধিক লোক। ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে প্ৰায় ডেৰশ লোকে।

ইপিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বন্যাৰ্তই।

ইয়াৰ মাজতে আন এক বেয়াখবৰ ৰাজ্যবাসীৰ বাবে।

আগন্তুক ৫দিনলৈ ৰাজ্যত হ’ব নেৰানেপেৰা বৰষুণ।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ সদৰি কৰিছে এই তথ্য।

এই ৫দিনৰ ভিতৰত ৩দিন প্ৰৱল বৃষ্টিপাত হব বুলি সৰ্তকবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

মুঠৰ ওপৰত অসমত ২ জুলাইকলৈকে হ’ব নেৰানেপেৰা বৰষুণ।

কেৱল অসমেই নহয় উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত হব ধাৰাসাৰ বৰষুণ।

Related Articles

Back to top button