অসম

অৰুণোদয় লাভ কৰা হিতাধিকাৰীৰ ঘৰৰ সন্মুখত লগোৱা হ’ব চাইনব’ৰ্ড, মুখ্যমন্ত্ৰীৰ ঘোষণা…

ওদালগুৰিত সৌৰ শক্তি প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ।

অৰুণোদয় আঁচনি সন্দৰ্ভতো বিশেষ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

অৰুণোদয় লাভ কৰা হিতাধিকাৰীৰ ঘৰৰ সন্মুখত লগোৱা হ’ব চাইনব’ৰ্ড।

১০ অক্টোবৰৰ পৰা বৃদ্ধি হ’ব অৰুণোদয়ৰ ধনৰ পৰিমাণ।

১,২৫০ টকাকৈ লাভ কৰিব প্ৰতিটো পৰিয়ালে।

নতুনকৈ ৬ হাজাৰ পৰিয়ালে অৰুণোদয় লাভ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ

ইপিনে ধনী মানুহৰ পৰা অৰুণোদয়ৰ ধন কৰ্তনৰ উপায় উলিয়ালে মুখ্যমন্ত্ৰীয়ে।

ধনী মানুহক অৰুণোদয় আঁচনি এৰি দিবলৈ আহ্বান জনায় তেওঁ কয়- প্ৰতি গৰাকী অৰুণোদয় হিতাধিকাৰীৰ ঘৰৰ সন্মুখত এখন বিশেষ চাইনব’ৰ্ড লগোৱা হ’ব। য’ত লিখা থাকিব ‘অৰুণোদয় পৰিয়াল’ বুলি। লগতে এই পৰিয়াল সমূহে ঘৰৰ সন্মুখত ৰোপন কৰিব লাগিব গছপুলি।

ঘৰৰ সন্মুখত চাইনব’ৰ্ড লগালেহে ধনী মানুহে লাজতে অৰুণোদয় এৰি দিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

আনহাতে এই সমগ্ৰ কাম ডিচেম্বৰ মাহৰ ভিতৰত সমাপ্ত কৰা হ’ব বুলি মন্তব্য কৰে শৰ্মই।

লগতে তেওঁ কয়- নামঘৰ-মছজিদ, সকলো চৰকাৰী অনুষ্ঠানত ৭৫ জোপা অমৃত বৃক্ষ ৰুব লাগিব। আমি অমৃত বৃক্ষ ৰোপণ কৰিম। অমৃত সৰোবৰ আমি নিৰ্মাণ কৰিম। অমৃত বৃক্ষই জলবায়ু পৰিৱৰ্তনত সহায় কৰিব। অমৃত সৰোবৰে বানপানীৰ সময়ত সহায় কৰিব, মাছৰ উৎপাদনত সহায় কৰিব।

Related Articles

Back to top button