fbpx
অসম

অসমৰ বন্যাৰ্তলৈ সাহায্য বলিউডৰ তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টিৰ…

অসমৰ বন্যাৰ্তলৈ বলিউডৰ তাৰকাৰ সাহায্য।

বলিউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু নিৰ্দেশক তথা পৰিচালক ৰোহিত চেট্টী অসমলৈ আগবঢ়াইছে সাহায্য।

দুয়োগৰাকী বলিউড তাৰকাই অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন।

বলিউডৰ দুয়োগৰাকী তাৰকাই বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তথা বান সাহায্যৰ বাবে ৫ লাখকৈ টকা আগবঢ়াইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

বলিউড তাৰকা দুগৰাকীৰ এই সাহায্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ।

বহু ঠাইত মাথাউৰি ভাঙি যোৱাৰ ফলত বানত বুৰ গৈছে ৰাজ্যৰ বহু গাঁও।

এনে অস্বাভিক বান পৰিস্থিতিত প্ৰশাসনে জনসাধাৰণক সহায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বহু পৰিয়ালত এতিয়াও বানৰ কৰাল গ্ৰাসত পৰি বিবুদ্ধিত পৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!