fbpx
অসম

অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম্য! নম্বৰ প্লেটবিহীন ট্ৰেক্টৰৰ খুন্দাত শিশুৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি…

এক শোকাৱহ ঘটনা।

নম্বৰ প্লেটবিহীন ট্ৰেক্টৰৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী কণমানি শিশুৱে।

ছিপাঝাৰৰ গণেশকুঁৱৰীৰ ৰামডেলীপাৰাত ট্ৰেক্টৰৰ খুন্দাত এটি পাঁচবছৰীয়া শিশুৰ মৃত্যু হয়।

জানিব পৰা মতে, ৰামডেলীপাৰা নিবাসী পূৰ্ণ ডেকা আৰু চুনু ডেকাৰ একমাত্ৰ সন্তান ৰিয়ান ডেকা (৫)ই বিয়লি ঘৰৰ সন্মুখত পথৰ কাষত থিয় হৈ থকা অৱস্থাত মাটি কঢ়িওৱা এখন নিয়ন্ত্রণহীন ট্ৰেক্টৰে শিশুটিক মহটিয়াই নিয়ে।

ট্ৰেক্টৰৰ খুন্দাত শিশুটিৰ থিতাতে মৃত্যু হয়।

আনহাতে শিশুটিক খুন্দিয়াই নম্বৰ প্লেটবিহীন ট্ৰেক্টৰখনৰ চালক মিৰাজুল হকে ট্ৰেক্টৰ এৰি পলায়ন কৰে।

ঘটনাক লৈ অঞ্চলটোৰ ৰাইজ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

অৱশেষত ছিপাঝাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ট্ৰেক্টৰখন জব্দ কৰে যদিও ৰাইজে পাহাৰৰ ৰঙা মাটি খন্দা ইটাভাতাৰ মালিক দীপেন ৰাজবংশীৰ এক্সকেভেটৰখন আবদ্ধ কৰি ৰাখে।

উপযুক্ত ক্ষতিপূৰণ আদায়ৰ লগতে এক্সকেভেটৰ আৰু ট্রেক্টৰৰ চালক আৰু গৰাকীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত অটল হৈ থাকে ৰাইজ।

উল্লেখ্য যে একাংশ ইটাভাতাৰ মালিকে বিগত কিছুদিন ধৰি ৰামডেলীপাৰা পাহাৰৰ এটা টিলাৰ ৰঙা মাটি অবাধে খনন কৰি আহিছে।

পাহাৰৰ এই ৰঙা মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাতে শিশুটিৰ মৃত্যু হয়। একাংশ ইটাভাতাৰ মালিকে ৰামডেলীপাৰাৰ লগতে কুৰুৱা-খলিহৈ অঞ্চলৰ কেইবাখনো পাহাৰৰ ৰঙা মাটি খান্দি বনাঞ্চল ধ্বংসযজ্ঞ চলাই অহাৰ অভিযোগো উত্থাপন হৈছে।

এইক্ষেত্ৰত কুৰুৱা বনাঞ্চলিক কার্যালয়ৰ বন বিষয়া-কৰ্মচাৰীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!