অসম
অতি শোকাৱহ! খেলি থাকোতেই দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল ৪ গৰাকীকৈ কণমানিৰ…

এক অতি মৰ্মান্তিক ঘটনা।
খেলি থাকোতেই এটা দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল ৪ গৰাকীকৈ কণমানিৰ।
নগাঁও জিলাৰ জুৰীয়াত সুতিৰপাৰৰ চিতল মাৰি বিল গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা।

এজনীক বচাবলৈ গৈ এজনী এজনী কৈ ৪ গৰাকীকৈ কনমানিৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৃত কণমানি চাৰিগৰাকী ক্ৰমে- ৰহিমা খাতুন (১২), নুৰনেছা (১৫), আৰছিনা খাতুন (১০) আৰু ইমৰানা খাতুন (৬)।

আনহাতে সৌভাগ্য ক্ৰমে ছুমায়া খাতুন নামৰ এগৰাকী নাবালিকাৰ কোনো মতে প্ৰাণ ৰক্ষা পৰে।
ৰাইজে ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে চাৰিওগৰাকীকে উদ্ধাৰ কৰে যদিও ইতমধ্যে মৃত্যু হয় চাৰিওৰে।
এই হৃদয়বিদৈৰক ঘটনাৰ পাছতে সমগ্ৰ গাঁওখনতে উঠিছে কান্দোনৰ ৰোল।