অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডঃ অগ্নিদগ্ধ হৈ চাৰিজন লোকৰ কৰুণ মৃত্যু…

দেশৰ ৰাজধানী দিল্লীৰ অ’ল্ড সীমাপুৰী অঞ্চলৰ এটা ঘৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

এই অগ্নিকাণ্ডত চাৰিজন লোকৰ মৃত্যু হয়। এতিয়ালৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

দিল্লী আৰক্ষীয়ে সদৰি কৰা অনুসৰি, অ’ল্ড সীমাপুৰী অঞ্চলত পুৱা তিনি মহলীয়া অট্টালিকাৰ ওপৰৰ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

আৰক্ষীয়ে কয় যে আজি পুৱা ৪ বাজি ৩ মিনিটত অ’ল্ট সীমাপুৰীত এটা ঘৰত জুই লগাৰ খবৰ লাভ কৰিছিল।

ইতিমধ্যে ঘটাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ঘৰটোৰ তৃতীয় মহলাৰ এটা কোঠাত চাৰিজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

Leave a Comment