fbpx
অসম

অঘটন! মাছ মাৰিবলৈ গৈ ভৰা বৰনদীৰ বুকুত আৱদ্ধ ৫জন…

তামুলপুৰত অঘটন।

মাছ মাৰিবলৈ গৈ বৰনদীৰ বুকুত আবদ্ধ পাঁচগৰাকী কিশোৰ আৰু যুৱক।

উদ্ধাৰ অভিযানত নামিছে এছডিআৰএফ আৰু নাগ্ৰীজুলি আৰক্ষী।

আজি পুৱা বৰনদীৰ বান্ধ এটা পাৰ হৈ মাছ মাৰিবলৈ গৈছিল কিশোৰ আৰু যুৱকৰ পাঁচজনীয়া দলটিয়ে।

পাছজনীয়া দলটোত আছে তামুলপুৰ জিলাৰ হস্তিনাপুৰৰ বিশাল বৰ্মন ( ১৮ ) , চতু বৰ্মন (৩৫) , ঋত্বিক দাস (১২) , ৰাজু বৰ্মন (১২) আৰু দেৱ বৰ্মন ( ১৭ )।

ভূটান পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদীৰ তীব্ৰ ঢলে বান্ধটো ছিঙি পেলোৱাত খৰস্ৰোতা নদীৰ মাজত আবদ্ধ হৈ পৰে কিশোৰ আৰু যুৱকৰ পাঁচজনীয়া দলটো।

খবৰ পাই তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাস, তামুলপুৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ লোক উপস্থিত হৈছে।

এছডিআৰএফৰ দল নাগ্ৰীজুলিত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে যদিও আবেলি ৩-৩০ বজালৈকে এজনকো উদ্ধাৰ কৰিব পৰা নাছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!