অকল গুৱাহাটীৰ নহয়, অসমৰ আন প্ৰান্তৰো বহু যুৱক-যুৱতী গৈছে আলফালৈঃ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত…

একপক্ষীয় যুদ্ধবিৰতিত থকা আলফা(স্বাঃ)ৰ শেহতীয়া গতি-বিধিয়ে চিন্তিত কৰি তুলিছে অসম আৰক্ষীক।
যুদ্ধ বিৰতিৰ গইনা লৈ পৰেশ বৰুৱাই ব্যাপক হাৰত সদস্য ভৰ্তি কৰি পুনৰ শক্তিশালী কৰি তুলিছে সংগঠনটো।
এই বিস্ফোৰক মন্তব্য কৰিছে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।
তেওঁ কয়,- অকল গুৱাহাটীৰ নহয়, অসমৰ আন প্ৰান্তৰো বহু যুৱক-যুৱতী গৈছে আলফালৈ। অৱশ্যে আলফাই কেতিয়াও নিশ্চিত নকৰে গৈছে বুলি, আমিহে সন্দেহ কৰিছো।
বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।
লগতে অসম আৰক্ষীৰ পৰীক্ষা সন্দৰ্ভতো গুৰুত্বপূ্ৰ্ণ মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।
অসম আৰক্ষীৰ ৯০১৭ টা পদৰ বাবে ২০ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষা হ’ব। নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘণ্টা পূৰ্বে প্ৰাৰ্থী সকলক চেণ্টাৰলৈ আহিবলৈ আহ্বান জনায়।
সকলো প্ৰাৰ্থীয়ে এডমিট কাৰ্ড আনিব লাগিব। ক’লা বল পেন অথবা পেন্সিলহে ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব পৰীক্ষাত।
পৰিচয় পত্ৰ হিচাপে আধাৰ, ড্ৰাইভিং লাইচেঞ্চ অথবা অন্যান্য পত্ৰ আনিব লাগিব। পৰীক্ষাৰ বাবে থ্ৰী লেয়াৰ ছিকিউৰিটিৰ ব্যৱস্থা কৰিছে পোন্ধৰখন জিলাৰ প্ৰতিটো চেণ্টাৰতে।