আৰক্ষীৰ জালত মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মূল ষড়যন্ত্ৰকাৰী৷
প্ৰশ্নকাকত ফাদিলক লৈ লখিমপুৰত দুজনক আটক।
লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যৎ ধ্বংসৰ গৰাহলৈ ঠেলি বিজ্ঞান আৰু অসমীয়া কাকত ফাদিলৰ মূল মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্ত গ্ৰেপ্তাৰ৷

প্ৰণৱ দত্ত লোহিত খাবলু কেন্দ্ৰৰ ইনচাৰ্জ আছিল সেই কেন্দ্ৰত অতি সহজে পাছ কৰিছিল শিক্ষাৰ্থী।
প্ৰণৱ দত্তই অতি কৌশলেৰে ট্ৰাংকৰ পৰা বিজ্ঞানৰ লগতে অসমীয়া কাকতো উলিয়াইছিল।
পৰৱৰ্তী সময়ত যেতিয়া পোহৰলৈ আহিছিল তেতিয়া মাজুলীত গৈ এজন অৱসৰ প্ৰাপ্ত শিক্ষকৰ ঘৰত জ্বলায় দিছিল পেপাৰৰ টোপোলা।
আন এজন শিক্ষক কুমুদ ৰাজখোৱা বৰ্তমানো পলাতক।
উল্লেখ্য যে প্ৰশ্নকাকত ফাদিল কাণ্ডৰ পিছতে ছেবাই সাধাৰণ বিজ্ঞান আৰু মাতৃভাষা পৰীক্ষাৰ দিন পিছুৱাবলৈ বাধ্য হয়।
লগতে পঢ়কঃ ছেবাৰ ঘােষণাঃ ১ এপ্ৰিলত অনুষ্ঠিত হ’ব মাতৃভাষা বিষয়ৰ পৰীক্ষা










1 thought on “এগৰাকী স্বনামধন্য শিক্ষকৰ বাবেই বাতিল হ’ল মেট্ৰিকৰ দুটাকৈ পৰীক্ষা…”
Comments are closed.