গিনিজ বুকত অন্তৰ্ভুক্ত হ’ল বিশ্বৰ আটাইতকৈ ওখ জিৰাফ! উচ্চতা কিমান জানেনে?

গিনিজ বুকত অন্তৰ্ভুক্ত হ’ল বিশ্বৰ আটাইতকৈ ওখ জিৰাফ! উচ্চতা কিমান জানেনে?

July 31, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। বিশ্বৰ আটাইতকৈ ওখ জিৰাফটোৱে নাম খােদিত কৰিলে গীণিজ বুকু অব্ ৱ’ৰ্ল্ড ৰেক’ৰ্ডছত।

অষ্ট্ৰেলিয়াৰ কুইনচলেণ্ড চিৰিয়াখানাত আছে এই জিৰাফটো।

১২ বছৰীয়া এই জিৰাফটোৰ উচ্চতা হৈছে ১৮ ফুট ৮ ইঞ্চি।

এই খবৰটো গীনিজ বুক কৰ্তৃপক্ষই নিশ্চিত কৰাৰ পাছত প্ৰকাশ কৰে চিৰিয়াখানাখনৰ এগৰাকী কর্মীৰ জী তথা এগৰাকী বন্যপ্ৰাণী সংৰক্ষকৰ নাতি বিন্দি আয়াৰৱিনে।

সেই চিৰায়াখানা বিন্দি আৰু তেওঁৰ পৰিয়ালৰ, য’ত বছৰি ৭ লাখ দৰ্শনাৰ্থীৰ আগমন ঘটে।

ফ’ৰেষ্ট নামৰ এই জিৰফটোৰ ২০০৭ চনত জন্ম হৈছিল নিউজিলেণ্ডৰ অকলেণ্ড চিৰিয়াখানাত আৰু ২ বছৰৰ আগত ইয়াৰ নতুন ঘৰ হৈছিল কুইনচলেণ্ড চিৰিয়াখানা।

বিন্দিয়ে ইনষ্টাগ্ৰামত জীৰাফটোৰ ফটো আপলোড কৰি লিখিছে – ‘আমাৰ মৰমৰ ফৰেষ্ট এ গীণিজ ৱৰ্ল্ড বুকত বিশ্বৰ আটাইতকৈ ওখ জীৰাফ হিচাপে নিজৰ নাম ৰাখিলে। তোমাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছো।’

গীণিজ বুক কৰ্তৃপক্ষই কেইদিনমানৰ পিছতহে ফৰেষ্টৰ ফটো আৰু ভিডিঅ’ৰ শ্বুটিং কৰিব বুলি জনায়।