নিৰ্লজ্জ ! ধৰ্ষণকাৰী’ক বচাবলৈ ৩৫লাখ টকা ঘোচ বিচাৰি গ্ৰেপ্তাৰৰ সন্মুখীন মহিলা আৰক্ষী বিষয়া…

নিৰ্লজ্জ ! ধৰ্ষণকাৰী’ক বচাবলৈ ৩৫লাখ টকা ঘোচ বিচাৰি গ্ৰেপ্তাৰৰ সন্মুখীন মহিলা আৰক্ষী বিষয়া…

July 5, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- এগৰাকী মহিলা আৰক্ষী বিষয়াৰ নিৰ্লজ্জ কাণ্ড ।

ধৰ্ষণৰ গোচৰ গাপ দি ৰখাৰ বাবে অভিযুক্তৰ পৰা ৩৫ লাখ টকা উৎকোচ হিচাপে দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে ।

আহমেদাবাদ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বেতা জাদেজাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ।

খবৰ অনুসৰি, জিএপি কৰ্প ছাইন্স নামৰ এটা বেচৰকাৰী সংস্থাৰ পৰিচালন সঞ্চালক কেনাল শ্বাহৰ বিৰুদ্ধে মহিলা থানাখনত সংস্থাটোৰ দুগৰাকী মহিলা কৰ্মচাৰীয়ে ধৰ্ষণৰ অভিযোগ দিয়া হৈছিল ।

উক্ত ধৰ্ষণৰ গোচৰৰ তদন্তৰ দায়িত্বত লাভ কৰিছিল থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বেতা জাদেজাই ।

ইয়াৰ পাছতে অভিযুক্ত কেনাল শ্বাহক গ্ৰেপ্তাৰ নকৰাৰ বিনিময়ত ৩৫লাখ টকা উৎকোচ বিচাৰে তদন্তকাৰী এই মহিলা বিষয়াগৰাকীয়ে আৰু এই ধন আদায় নিদিলে ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি দিয়ে ।

আনকি অভিযুক্ত কেনাল শ্বাহৰ জ্যেষ্ঠ ভাতৃ ভবেশ শ্বাহক থানালৈ মাতি আনি দাবী কৰা ধন নিদিলে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰে ।

অৱশেষত ২০ লাখ টকাত বুজাবুজি কৰি এগৰাকী চিনাকি ব্যক্তিৰ জৰিয়তে টকাখিনি আদায় লয় বিষয়াগৰাকীয়ে ।

কিন্তু কেইদিনমান পাছত কেনাল শ্বাহৰ ভাতৃক পুনৰ থানালৈ মাতি পুনৰ ২০ লাখ টকাৰ দাবী কৰি ১১ লাখ টকা আদায় লয় ।

ইয়াৰ পাছতে, মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কেনাল শ্বাহৰ ভাতৃ ভবেশ শ্বাহে আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে ।

সেই অভিযোগৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে মহিলা আৰক্ষী বিষয়া শ্বেতা জাদেজাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি  সকলো তথ্য প্ৰমান সংগ্ৰহ কৰাৰ লগতে গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে ।

উল্লেখ্য যে, ক্ৰাইম ব্ৰাঞ্চে দাখিল কৰা অভিযোগত এই সকলো কথা উল্লেখ কৰা হৈছে ।