ঘৃণনীয় ! সুৰাৰ নিচাত স্বামীয়ে ওৰে নিশা বোকাত পুতি থলে জীৱিত পত্নীক…

ঘৃণনীয় ! সুৰাৰ নিচাত স্বামীয়ে ওৰে নিশা বোকাত পুতি থলে জীৱিত পত্নীক…

July 31, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- পুনৰ ৰাজ্যত সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা এক জঘন্য ঘটনা ।

সুৰাৰ নিচাত মাতাল স্বামীয়ে ওৰে নিশা বোকাত পুতি থলে জীৱিত পত্নীক ।

 নুমলীগড়ৰ পাৰ্বতীপুৰত সংঘটিত হৈছে এই ঘৃণনীয় কাণ্ড ।

শুকুৰবাৰে পুৱা মহিলা গৰাকীক জীৱন্ত অৱস্থাত প্ৰত্যক্ষ কৰে স্হানীয় ৰাইজে ।

সম্পুৰ্ণ উলংগ অৱস্থাত পুতি থোৱা হৈছিল মহিলা গৰাকীক ।

উল্লেখ্য যে, সুৰাপান কৰি স্বামী মদন তাঁতীয়ে প্ৰায়ে পত্নী পুতপুতি তাঁতীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱৰ অভিযোগ উত্থাপন হৈছে ।

সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে মহিলা গৰাকীক যোৰহাট মেডিকেল কলেজ আৰু হাস্পতাললৈ ভৰ্তি কৰোৱা হৈছে ।

বৃহস্পতিবাৰে নিশাও কাজিয়া লাগি পত্নীক বেয়াকৈ প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি ঘৰৰ পৰা উলিয়াই আনি কাষৰে দৈগ্ৰোঙ নদীৰ বোকাত পুতি থৈ আহে পত্নীক ।

এনে বৰ্বৰ কাণ্ড সংঘটিত কৰা মদন তাঁতী বৰ্তমান পলাতক অৱস্থাত আছে ।‌