NEWS8 NorthEast

WHO-এ ঘোষণা কৰা কৰ’ণা ভাইৰাছৰ শেহতীয়া লক্ষণ সমূহ কি কি ? জানো আহক…

ৰিপ’ৰ্টঃ দিব্যজ্যোতি ৰাজখোৱা- দেশত আনলক ২.০ প্ৰযোজ্য হলেও প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা ।

যাৰফলত এতিয়াও বাঢ়ি আছে লকাডাউন আৰু কণ্টেইনমেণ্ট জনৰ সংখ্যা ।

আনলক ২.০ প্ৰযোজ্য হলেও আপুনি ওলাই নাহিব বিনা কাৰণত ।

সেয়েহে WHO এ ঘোষণা কৰিছে এই ভাইৰাছ ৰ শেহতীয়া কিছু লক্ষণ ।

প্ৰধান লক্ষণ সমূহ হ’ল – একেৰাহে কাহি থকা, জ্বৰ, অত্যন্ত দুৰ্বল হোৱা ।

আন লক্ষণ সমূহ হল – নাকেৰে কোনো বস্তুৰ গোন্ধ নোপোৱা, কোনো খোৱা খাদ্যৰ সোৱাদ নোপোৱা, দেহত ঠাণ্ডা অনুভৱ কৰা, গাঁঠি বা গা বিষ, উশাহ লোৱাত কষ্ট, ডিঙিৰ চেৰচেৰণী, ডায়েৰিয়া ।

WHO-এ এইয়াও কৈছে যে এজন লোকৰ দেহত এই ভাইৰাছ প্ৰৱেশ কৰাৰ ৫ দিনৰ ভিতৰত এই সমূহ লক্ষণ দেখিবলৈ পোৱা যাব ।

ইয়াৰোপৰি তেনে ব্যক্তিক মুকলি ঠাইলৈ ওলাই যাবলৈ মানা কৰা লগতে থু, খেকাৰ, হেঙুন আদি ’tissue paper’ ত পেলাই বন্ধ পলিথিনৰ ভিতৰত সুমুৱাই নিৰাপদ নিশ্চিত ঠাইত পেলাবলৈ কোৱা হৈছে ।

Skip to toolbar