Whatsappত চিকিৎসক নভনীল বৰুৱাক কি ভাবুকি ভৰা মেচেজ দিছিল ৰাজকন্যা বৰুৱাই?

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক লৈ পোহৰলৈ আহিছে ইটোৰ পিছত সিটো তথ্য।

এইবাৰ পোহৰলৈ আহিছে ৰাজকন্যা বৰুৱাই জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাক দিয়া ভাবুকি ভৰা whatsapp মেচেজ।

য’ত ৰাজকন্যাই আত্মহত্যা কৰাৰ ভাবুকি দিছিল চিকিৎসক নৱনীল বৰুৱাক।

চিকিৎসক নভনীল বৰুৱাক মেচেজৰ জৰিয়তে ৰাজকন্যাই GNRC ৰ ওপৰৰ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ভাবুকি দিছিল।

WhatsApp Image 2021 10 09 at 8.19.27 AM

ইপিনে, ৰাজকন্যাক চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰাৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে চিকিৎসক নভনীল বৰুৱাই ১১ মিনিট টেলিফোনিক বার্তালাপ কৰিছিল বুলি শেহতীয়াভাৱে বাতৰি প্ৰকাশ পাইছে।

এই সন্দৰ্ভত নভনীল বৰুৱাই কয়- আৰক্ষীৰ তদন্তৰ খাতিৰত এতিয়া একো কথা নকওঁ। দুদিনমান পাছত সবিস্তাৰে সকলো প্ৰকাশ কৰাৰ হ’ব।

প্ৰশ্ন উঠিছে সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত হ’ব নে?

নে ৰৌ বৰালি ওলোৱাৰ ভয়ত যৱনিকা পেলোৱা হ’ব ৰাজকন্যা আখ্যানৰ? 

Leave a Comment