সুস্থ হৈ ঘূৰি অহা ক’ৰনা ৰোগীক   শতাধিকৰ আদৰণি, আটক

সুস্থ হৈ ঘূৰি অহা ক’ৰনা ৰোগীক শতাধিকৰ আদৰণি, আটক

July 7, 2020 0 By NEWS DESK

নেশ্যনেল ডেস্ক। দেশত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ আছে যদিও এচাম লোক এতিয়াও সজাগ হোৱা নাই।

যাৰ বাবে নিজৰ লগতে আনৰ জীৱনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে এইসকল লােকে।

তেনে এক ঘটনাই সংঘটিত হ’ল ঔৰংবাদৰ ভাইজাপুৰত।

ঠাইখনৰ দাগৰা বেছ অঞ্চলত এজন লোক আক্ৰান্ত হৈছিল কভিড-১৯ত।

ব্যক্তিজনে চিকিৎসালয়ৰ পৰা আৰোগ্য হৈ ঘূৰি আহোঁতে বিভিন্ন জনে তেওঁক আদৰণি জনায়।

প্ৰায় ১০০ জনীয়া এক বৃহৎ দলে তেওঁক আদৰে আম্বেদকাৰ চ’কত, তাৰ পিছত তেওঁৰ ঘৰত।

সমগ্ৰ অঞ্চলটো হৈ আছিল কণ্টেইনমেন্ট জ’ন।

উল্লেখ্য যে সেইসকলৰ মাজত আছিল ভাইজাপুৰ পৌৰসভাৰ উপ সভাপতি জনো।

আৰক্ষীয়ে প্ৰশাসনৰ নিয়ম ভংগকাৰী এইসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে কেইবাজনক আটক কৰিছে।