UPSC ৰ IES পৰীক্ষাত উজলিল অসমৰ অসীম, দেশৰ ভিতৰত লাভ কৰিলে চতুৰ্থ স্থান

পুনৰ কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উজিলল অসম সন্তান।

কেন্দ্ৰীয় লােকসেৱা আয়ােগ চমুকৈ UPSC ৰ CAPF ৰ পৰীক্ষাত স্থান দখল কৰা তেজপুৰৰ নেহা বৰাৰ পাছত এইবাৰ UPSC ৰ IES পৰীক্ষাত ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ স্থান দখল তেজপুৰৰ অসীম গােস্বামীৰ।

উল্লেখ্য যে অসমী গােস্বামী তেজপুৰৰ কমাৰ চুবুৰি নিবাসী তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিৰাজ মোহন গোস্বামী আৰু নিভা গোস্বামীৰ একমাত্ৰ সন্তান।

vlcsnap-2022-01-09-16h07m53s704

অসীম গোস্বামীয়ে UPSC ৰ অধীনৰ IES (ইণ্ডিয়ান ইঞ্জিনিয়াৰিং চাৰ্ভিছ) ৰ পৰীক্ষাত দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

অসমীৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ তেজপুৰবাসী।

8

বৰ্তমান গুৱাহাটীৰ নাৰেংগীস্থিত ৰাজ্যৰ শক্তি বিভাগৰ অধীনস্থ এ ই জি চি এলৰ সহঃ প্ৰবন্ধক হিচাপে নিয়োজিত হৈ আছে।

উল্লেখ্য যে তেজপুৰ ডনবস্ক’ বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দৰং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈছিল।

ইয়াৰ পাছতে শিলচৰৰ এন আই টিত অধ্যয়ন কৰি পাছত নতুন দিল্লীৰ আই আই টিত অধ্যয়ন কৰিছিল।

পূৰ্বতে এ পি ডি চি এলৰ এক অভিযান্ত্ৰিক পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰি সহকাৰী অভিযন্তা হিচাপে এ ই জি চি এলত যোগদান কৰিছিল।

অৱশ্যে ইয়াৰ পাছতাে সৰ্বভাৰতীয় প্ৰতিযােগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে অসীমে।

লগতে চাওকঃ

ঘৰৰ পোহনীয়া কুুকুৰৰ জন্মদিন উদযাপন কৰিলে ৭ লাখ টকা ব্যয়েৰে! গ’ল ৰঙাঘৰলৈ…

Leave a Comment