অসম

UPSC ত ৬১৮ নং স্থান দখল কৰা অসমৰ আয়ুসীয়ে APSC ত দখল কৰিছে ১৬ নং স্থান…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে শুক্ৰবাৰে ঘোষণা কৰা হয় অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ চূড়ান্ত ফলাফল।

APSCৰ ফলাফল ঘোষণাৰ পাছতে উত্তীৰ্ণৰ পৰিয়ালত দেখা গৈছে আনন্দৰ বন্যা।

শুক্ৰবাৰে ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল হাইলাকান্দিৰ আয়ুসী কালৱাৰ।

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ১৬ নং স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে জিলাখনলৈ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২১ বৰ্ষত UPSC ত ৬১৮ নং স্থান দখল কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল আয়ুসীয়ে।

হাইলাকান্দিৰ লালা বজাৰ নিবাসী লক্ষ্মী নিৱাস কালৱাৰ আৰু আশা কালৱাৰ কন্যা আয়ুসী কালৱাৰ।

আয়ুশী কালৱাৰে লালাৰ মাউণ্ট পিক ইংৰাজী বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি হাইলাকান্দিৰ মনাচেৰাত জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

লগতে আয়ুসীয়ে এনআইটি শিলচৰৰ পৰা B.Tech কৰিছিল।

উল্লেখ্য যে, ২০১৮ চনত আয়ুশী কালৱাৰৰ ডাঙৰ ভগ্নী জাগৃতিয়ে APSCত সফলতা অৰ্জন কৰি বৰ্তমান কৰিমগঞ্জত নিৰ্বাচনী বিষয়াৰ পদত কাৰ্যনিৰ্বাহ কৰি আছে।

Related Articles

Back to top button