কৰ’ণাত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ মৃত্যু !

কৰ’ণাত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ মৃত্যু !

August 2, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ ।

কৰ’ণাত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ মৃত্যু ।

কমল ৰাণী বৰুণ উত্তৰ প্ৰদেশৰ কাৰিকৰী শিক্ষা বিভাগৰ মন্ত্ৰী আছিল ।

কৰ’ণা পজিটিভ পোৱাৰ পাছতে লক্ষ্ণৌৰ পিজিআই হাস্পাতলত চিকিৎসাধীন হৈ আছিল মন্ত্ৰীগৰাকী ।

১৮ জুলাইত কৰ’ণা আক্ৰান্ত হৈছিল মন্ত্ৰীগৰাকী ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২বছৰ ।

মন্ত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে  টুইটাৰত লিখিছে- ‘মোৰ সহযোগী কেবিনেট মন্ত্ৰী শ্ৰীমতী কমল ৰাণী বৰুণৰ অকাল মৃত্যুৰ খৱৰে শোকস্তব্ধ কৰি তুলিছে । ৰাজ্যখনে আজি এগৰাকী সমৰ্পিত জননেত্ৰীক হেৰুৱালে । তেওঁৰ পৰিয়াললৈ মোৰ সমবেদনা জনালো ।’