গােলকীয় উষ্ণতাক লৈ বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ নতুন দাবীক লৈ উদ্বিগ্নতা

গােলকীয় উষ্ণতাক লৈ বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ নতুন দাবীক লৈ উদ্বিগ্নতা

July 10, 2020 0 By NEWS DESK

ইন্টাৰনেশ্যনেল ডেস্ক। বিশ্ববাসীৰ বাবে এক ভয়ানক খবৰ।

ৰাষ্ট্ৰসংঘৰ বতৰ সংস্থাই সতৰ্ক কৰি বৃহস্পতিবাৰে কয় যে আগন্তুক ৫ বছৰত বিশ্ববাসীয়ে প্ৰথমবাৰৰ বাবে সন্মুখীন হব অত্যধিক উষ্ণতাৰ।

পূৰ্বতকৈ ১.৫ ডিগ্ৰী গোলকীয় উষ্ণতা বৃদ্ধিৰ দিশে আগবাঢ়িছে পৃথিৱী।

বিজ্ঞানীৰ এক দলে কয় যে ১৮৫০-১৯০০ ৰ সময়চোৱাতকৈ বৰ্তমান ১ ডিগ্ৰী চেলচিয়াছ উষ্ণতা বৃদ্ধি পাইছে।

ইয়াৰ কাৰণ মানৱ সৃষ্ট আৰু গ্ৰীনহাউচ গেছৰ নিৰ্গমন।

বিশ্বৰ বতৰ বিজ্ঞান সংস্থাৰ মতে অহা পাঁচ বছৰত উষ্ণতা ০.৯১-১.৫৯ লৈ বৃদ্ধি হোৱাৰ প্ৰায় ২০ টা কাৰণৰ সন্দেহ প্ৰকাশ কৰিছে।

বিশ্ব বতৰ সংস্থাৰ মুখপাত্ৰ পেটেৰি তালাসে কয় যে ২০১৫ চনৰ পেৰিছ চুক্তিটো উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰনৰ বাবে আলোচনা কৰা হৈছিল।

বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি ত সহায় কৰে কাৰ্বন ডাই অক্সাইড গেছে।

কৰণা মহামাৰীৰ বাবে উদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিলেও দীৰ্ঘ সময়ৰ কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধিয়ে এই উষ্ণতাত প্ৰভাৱ পেলাব।