TV ৰ পৰ্দাত IPL ক্ৰিকেট উপভােগ কৰাৰ ইচ্ছাই কাল হ’ল এজন ক্ৰিকেটপ্ৰেমী যুৱকৰ বাবে…

April 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কাছাৰৰ এজন ক্ৰিকেটপ্ৰেমী যুৱকৰ জীৱনলৈ কাল হৈ আহিল আইপিএল।

খেল চোৱাৰ যো-জা কৰোঁতেই দেৱাল ভাগি তললৈ পৰি প্ৰাণ হেৰুৱালে কাছাৰৰ ৰিংকু শীল নামৰ ৩৫ বছৰীয়া যুৱকজনে।

সােমবাৰে সন্ধিয়া ৭.৩০টা বজাৰ পৰা আৰম্ভ হোৱা প্ৰিয় দল কলকাতা নাইট ৰাইডাৰ্ছৰ খেল চোৱাৰ বাবে অধীৰ আগ্ৰহে বাট চাই আছিল ৰিংকু।

কিন্তু খেল আৰম্ভ হোৱাৰ লগে লগে টিভিৰ এণ্টেনাৰ ছিগনেল বেয়া হ’বলৈ ধৰে। ইয়াৰ বাবে উপায় নাপাই ছাদৰ ওপৰত থকা এণ্টেনা ঠিক কৰিবলৈ উঠি যায়।

কিন্তু দিৰ্ভাগ্যবশতঃ দেৱাল খহি পিছলি পৰে ৰিংকু আৰু ভগা দেৱালখনে সম্পূৰ্ণ হেঁচা মাৰি ধৰে ৰিংকুক। ইয়াৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় যুৱকজনে।

ঘটনাৰ পাছত ততাতৈয়াকৈ স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি ধলাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

যুৱকজনৰ এনে মৃত্যুৰ বাতৰিয়ে সমগ্ৰ এলেকাত শোকাকুল পৰিস্থিতিৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

মৃত্যুৰ পূৰ্বে ক’ৰােনা ৰােগীৰ ভয়াৱহ অভিজ্ঞতাৰ কথা ব্যক্ত সমাজকৰ্মীৰ, ভিডিঅ’ ভাইৰেল

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!