অসমৰ বীৰ শ্বহীদ জােৱানলৈ  অজস্ৰজনৰ শ্ৰদ্ধাঞ্জলি, সম্পন্ন শেষকৃত্য

অসমৰ বীৰ শ্বহীদ জােৱানলৈ অজস্ৰজনৰ শ্ৰদ্ধাঞ্জলি, সম্পন্ন শেষকৃত্য

July 31, 2020 0 By NEWS DESK

হনী ঝাঁঝৰী। অৱশেষত মাতৃভূমিত উপস্থিত হ’ল মণিপুৰত শ্বহীদ হোৱা পাঠশালাৰ প্ৰণয় কলিতাৰ নশ্বৰ দেহ।

এয়াৰ এছিয়াৰ বিশেষ বিমানেৰে মণিপুৰৰ পৰা বৰঝাৰ বিমান বন্দৰ লৈ অনা হয় প্ৰণয় কলিতাৰ নশ্বৰ দেহ।

শ্বহীদ প্ৰণয় কলিতা

বিমান বন্দৰত আৰক্ষী আয়ুক্ত মুন্ন প্ৰসাদ গুপ্তা, CISF কামাণ্ডেন লালমোহন ঠাকুৰৰ লগতে বিমান বন্দৰ কৰ্তৃপক্ষ আৰু আৰক্ষীৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

বৰঝাৰ বিমানবন্দৰ

বিমানবন্দৰতে সামৰিক মৰ্যাদা দিয়া হয় শ্বহীদ গৰাকীক। পিছত এম্বুলেন্সেৰে বীৰশ্বহীদ গৰাকীৰ নশ্বৰদেহ নিজগৃহ পাঠশালালৈ লৈ যোৱা হয় ।

বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত পাঠশালাৰ হালগিৰিঘাটৰ বীৰ শ্বহীদ জােৱানজনৰ নশ্বৰ দেহ উপস্থিত হােৱা অজস্ৰজনে অন্তিমবাৰলৈ শ্ৰদ্ধাঞ্জলি দিয়ে।

UB Photos

জােৱানজনৰ পিতৃ হৰিপ্ৰসাদ কলিতা, সহধৰ্মিণী জুমি কলিতাৰ উপৰি, স্থানীয় লােক তথা সেনা-আৰক্ষী-প্ৰশাসনৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জনােৱা হয়।

ৰাজ্যৰ ৰাজহ মন্ত্ৰী ভৱেশ কলিতাও উক্ত কাৰ্যসূচীত উপস্থিত আছিল।

UB Photos

উল্লেখ্য যে ২০১১ চনত জুমি কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

২০১১ ফেব্ৰুৱাৰীত ডিমাপুৰত চাৰি নম্বৰ আছাম ৰাইফলছত যোগদান কৰা প্ৰণয় আছিল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হৰিপ্ৰসাদ কলিতা আৰু কল্যাণী কলিতাৰ চাৰি সন্তানৰ তৃতীয়।

UB Photos

বৃহৎ অঞ্চলটোত মুন্না নামেৰে পৰিচিত প্ৰণয় এজন প্ৰতিভাৱান খেলুৱৈ আছিল ।

UB Photos

টাইকোৱনড’ৰ ব্লেক বেল্ট অৰ্জন কৰাৰ উপৰি তেওঁ ক্ৰিকেট খেলতো দক্ষ আছিল।