ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি পুৱাই ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বী ৰাইজে !

ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক সাৰোগত কৰি পুৱাই ঈদৰ নামাজত অংশ ল’লে ইছলাম ধৰ্মাৱলম্বী ৰাইজে !

August 1, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- আজি পবিত্ৰ ঈদ–উজ–জোহা ।

সমগ্ৰ বিশ্বৰ লগতে অসমতো প্ৰশাসনে জাৰি কৰা নীতি-নিয়মৰ মাজেৰে পালন কৰা হৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ ।

ঈদৰ পৰম্পৰা অনুসৰি পুৱাই অসমৰ লগতে ভাৰতত বিভিন্ন স্থানত আদায় কৰে নামাজ ।

প্ৰশাসনৰ নীতি-নিয়ম মানি নিজ নিজ গৃহতে সমাজিক দুৰত্ব বজাই ৰাখি আদায় কৰিলে ঈদৰ নামাজ ।

কিন্তু কৰ’ণাৰ বাবে এইবাৰ নাই ঈদৰ আনন্দ-উল্লাস ।

Image

ঈছলাম ধৰ্মৰ ৰাইজৰ পৱিত্ৰ ঈদ ঈদ–উজ–জোহা ত পূৰ্বৰ দৰে অনুষ্ঠিত হোৱা নাই কাৰ্যসূচী সমূহ ।

উল্লেখ্য যে, নবী ইব্ৰাহিম খলিল উল্লাহৰ চৰম ত্যাগৰ স্মৃতিক সাৰোগত কৰিয়েই বিশ্বজুৰি ইছলামধৰ্মী জনগণে উদযাপন কৰি আহিছে ত্যাগৰ উৎসৱ ঈদ–উজ–জোহা ।