TMC ৰ প্ৰতিষ্ঠা দিৱসত মমতা বেনাৰ্জীৰ ৬.৫ কেজি ওজনৰ ৰূপৰ প্ৰতিমূৰ্তি প্ৰদান

তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসত দলৰ জ্যেষ্ঠ নেতা অনুব্ৰত মণ্ডলক উপহাৰ হিচাপে প্ৰদান কৰা হ’ল TMCৰ প্ৰধান তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এটা ৬.৫ কিলগ্ৰাম ওজনৰ ৰূপৰ প্ৰতিমূৰ্তি।

এই প্ৰতিমূৰ্তটোৰ বজাৰ মূল্য প্ৰায় ৪.৫ লাখ টকা বুলি অনুমান কৰা হৈছে।

Silver-statue-Mamata

উল্লেখ্য যে, বিগত কেইবাবছৰৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বীৰভূমৰ নান্নুৰৰ বাচাপাৰাত এখন মিলন মেলা অনুষ্ঠিত কৰি অহা হৈছে।

বছৰৰ আৰম্ভণিৰ দিনটোত অনুষ্ঠিত এই মিলন মেলা এইবাৰ উদ্বোধন কৰে তৃণমূল কংগ্ৰেছৰ বীৰভূম জিলাৰ সভাপতি অনুব্ৰত মণ্ডলে।

মেলাৰ উদ্বোধন কৰি তৃণমূল নেতা গৰাকীয়ে দলৰ প্ৰতীক অংকিত এটা কেক কাটে।

ইফালে, মেলা সমিতিৰ হৈ বীৰভূম জিলা পৰিষদৰ প্ৰধান কৰিম খানে ৰূপৰে নিৰ্মিত মমতাৰ এটা প্ৰতিমূৰ্তি অনুব্ৰত মণ্ডলৰ হাতত অৰ্পণ কৰে।

G7

মেলাখনৰ উদ্যোগীসকলে জানিবলৈ দিয়া মতে, স্থানীয় এগৰাকী শিল্পীয়ে এই প্ৰতিমূৰ্তিটো ৩ মাহৰ প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰিছিল।

প্ৰতিমূৰ্তিটোৰ বজাৰ মূল্য ৪ লাখ টকা হোৱাৰ লগতে ওজন প্ৰায় ৬.৫ কিলোগ্ৰাম।

Leave a Comment