টিকটক, বিউটী প্লাছকে ধৰি  ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে মুঠ ৫৯টা  চীনৰ এপছ !

টিকটক, বিউটী প্লাছকে ধৰি ভাৰত চৰকাৰে নিষিদ্ধ কৰিলে মুঠ ৫৯টা চীনৰ এপছ !

June 29, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স- কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ।

ভাৰতত নিষিদ্ধ কৰা হ’ল জনপ্ৰিয় এপ টিকটক ।

টিকটকৰ লগতে বিউটী প্লাছ, ইউ চি ব্ৰাউজাৰ, কেম স্কেনাৰ এপকে ধৰি মুঠ ৫৯টা চীনা এপ বন্ধ কৰা হ’ল ভাৰতত ।

কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা ।

চীন সীমান্তত সংঘাত্মক পৰিৱেশৰ মাজতে নিৰাপত্তাজনীত কাৰণত এই এপছসমূহ নিষিদ্ধ কৰা হৈছে ।

নিষিদ্ধ কৰা আন এপছ সমূহৰ ভিতৰত- ইউ চি ব্ৰাউজাৰ, বি ইউ ক্লিনাৰ, উই মীট. চুইট ছেলফী, বি ইউ প্ৰাইভেছী, ভিগ ভিডিঅ, কেম স্কেনাৰ, ফটো ৱাণ্ডাৰ, কিউ কিউ প্লেয়াৰ, বিউটী প্লাছ, উই চাট, হেল্ল, ইউ কেন মেকআপ আদি।