Tue. Nov 24th, 2020

নিউজ ডেস্ক। অন্তৰত সততা আৰু এটা সাহসী মন থাকিলে যিকােনাে ব্যক্তিয়ে কৰিব পাৰে অসাধ্য কাম।

এনে সততা তথা সাহসৰ প্ৰতীক হিচাপে শেহতীয়াকৈ দেশজুৰি চৰ্চিত হৈছে উত্তৰ পূবৰ এগৰাকী মহিলা আৰক্ষী বিষয়াৰ নাম।

মণিপুৰৰ এই মহিলা আৰক্ষী বিষয়াগৰাকী হৈছে থৌনউজাম ব্ৰিন্দা।

থৌনউজাম ব্ৰিন্দা

ৰাজ্যখনত তেওঁ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত।

বৰ্তমান দেশজুৰি প্ৰশংসিত থৌনউজাম ব্ৰিন্দা।

মণিপুৰত ড্ৰাগছৰ প্ৰচলন অতি বেছি।

অবৈধভাৱে ড্ৰাগছৰ সৰবৰাহ হৈ থাকে মণিপুৰত। এই কথা সকলোৱে জানে।

কিন্তু ইয়াৰ বিৰুদ্ধে পদক্ষেপ নলয় মণিপুৰ চৰকাৰ, প্ৰশাসন অথবা আৰক্ষীয়ে।

এইবাৰ এই অভিযানত যুদ্ধংদেহি ভাৱে সফলতা লভিছে থৌনউজাম ব্ৰিন্দাই।

বহুত হেঁচা আৰু বাধাৰ সন্মুখীন হৈছে যদিও এইগৰাকী মহিলা বিষয়াই পিছহুহকি অহা নাই নিজৰ যুদ্ধ ক্ষেত্ৰৰ পৰা।

সেয়েহে ড্ৰাগছ সেৱন অথবা সৰবৰাহকাৰীৰ বাবে আতংকৰ অন্য নাম হৈ পৰিছে থৌনউজাম ব্ৰিন্দা।

এই অভিযানত তেওঁ সকলো পক্ষৰ পৰা পোৱা অত্যধিক বাধাৰ বাবে অলপতে তেওঁ উচ্চ ন্যায়ালয়ত শপত নামা দাখিল কৰে।

আৰু এই শপতনামাই এতিয়া উদঙাই দিছে মণিপুৰ চৰকাৰ, প্ৰশাসনৰ এই বিষয়ত উদাসীনতা।

প্ৰকাশ পাইছে বহু ভয়ংকৰ তথ্য।

শপত নামাত তেওঁ কয়, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁক আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছৰ লগত জৰিত সকলো লোককে এৰি দিবলৈ বহুবাৰ হেঁচা প্ৰয়োগ কৰে।

এই কথাত তেওঁ একেবাৰে অসন্তুষ্ট।

লগতে তেওঁ কয়, এই অসৎ কাৰ্যৰ লগত মণিপুৰৰ অধিক সংখ্যক ৰাজনৈতিক নেতা, চৰকাৰী বিষয়া, লুণ্ঠনকাৰী, আৰক্ষী বিষয়া জড়িত।

যিসকলে এই তথ্যসমূহ লুকুৱাই ৰাখে।

ব্ৰিন্দা হৈছে ৪ সন্তানৰ মাতৃ। তেওঁ নিজৰ সন্তান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এই যুঁজ দিছে বুলিও প্ৰকাশ পাইছে।

adgp manipur
assam police
NEPA
puni mech