fbpx
অসম

The Kashmir Files চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে অৰ্ধছুটী ঘোষণা কৰাক লৈ সৰৱ আছু…

The Kashmir Files চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে অৰ্ধছুটী ঘোষণা কৰাক লৈ সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থা।

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই বিগত ২৩ মাৰ্চ তাৰিখে THE KASHMIR FILES চলচিত্ৰ চাবলৈ বিচৰা শিক্ষক, বিষয়া আৰু কৰ্মচাৰীলৈ অৰ্ধছুটী প্ৰদানৰ বাবে জাৰি কৰিছিল এক জাননী।

যাকে লৈ জাঙুৰ খাই পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোট।

আছু নেতৃত্বই এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, শিক্ষানুষ্ঠানখনে বিদ্যায়তনিক কাম-কাজ বাদ দি চলচিত্ৰ চাবলৈ ছুটী প্ৰদান কৰা কাৰ্য কোনো কাৰণতেই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, প্ৰশাসনিক পৰিৱেশৰ অনুকূল হ’ব নোৱাৰে।

লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই বিদ্যায়তনিক, প্ৰশাসনিক কাম-কাজ বাদ দি চলচিত্ৰ চাবলৈ উৎসাহ যোগোৱা কাৰ্য হাস্যকৰেই নহয়, হঠকাৰী বুলি বিজ্ঞপ্তিটোত প্ৰকাশ।

লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এনে সিদ্ধান্ত লোৱা কৰ্তৃপক্ষ‌ই এই বিশেষ চলচিত্ৰখনৰ প্ৰতি কি দৰদ অনুভৱ কৰিলে সেই কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

অসমীয়া চলচিত্ৰ উদ্যোগৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত কোনো দিনে পদক্ষেপ লৈ নোপোৱা বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই হিন্দী চলচিত্ৰৰ পৰোক্ষ প্ৰচাৰত লিপ্ত হৈ শিক্ষানুষ্ঠানখনৰ মৰ্যাদা হানি কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে আছু নেতৃত্বই।

লগতে চৰকাৰৰ সুৰতে সুৰ মিলাবলৈ গৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই শিক্ষানুষ্ঠানখনৰ স্বকীয়তা, স্বতন্ত্ৰতা আৰু চিন্তাৰ স্বাধীনতাক বিসৰ্জন দিয়া কাৰ্যক মানি ল’ব নোৱাৰি বুলি মন্তব্য কৰে নেতৃত্বই।

লগতে শীঘ্ৰেই এই সিদ্ধান্ত বাতিল কৰিবলৈ আছু নেতৃত্বই আহ্বান জনায়।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!