fbpx
ৰাষ্ট্ৰীয়

‘The Kashmir Files’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান…

বলীউডৰ বহু চৰ্চিত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান।

সুৰক্ষা দিশৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে চৰকাৰে ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰে পৰিচালক গৰাকীক।

3 2 1

নিউজ এজেন্সি এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি ছবি পৰিচালক অগ্নিহোত্ৰীক সমগ্ৰ ভাৰতবৰ্ষতে ৮ গৰাকী চি আৰ পি এফ জোৱানে সুৰক্ষা প্ৰদান কৰিব।

পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰিছিল যে ছবিখনৰ মুক্তিৰ পিছত তেওঁৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আহিছিল।

সেয়ে গৃহ মন্ত্ৰালয়ে তেওঁক ‘ৱাই’ শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।

a1

শেহতীয়াকৈ, বিবেক অগ্নিহোত্ৰীয়ে ১৯৯০ চনত কাশ্মীৰ উপত্যকাৰ পৰা পণ্ডিতসকলৰ প্ৰস্থানৰ ওপৰত আধাৰিত তেওঁৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ক সাৰ্বজনীন আবেদনৰ সৈতে এখন চলচ্চিত্ৰ হিচাপে বৰ্ণনা কৰিছিল।

বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে ‘দ্য কাশ্মীৰ ফাইলছ’ পৰিচালনা আৰু লিখিছে। অনুপম খেৰ, মিথুন চক্ৰৱৰ্তী আৰু পল্লৱী যোশীয়ে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

অগ্নিহোত্ৰীয়ে কয়, ‘মই এখন সংবেদনশীল চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিচাৰিছিলো যাৰ সাৰ্বজনীন গুৰুত্ব আছে। সমগ্ৰ বিশ্বৰ মানুহে এই ছবিখন ভাল পাইছে, এই চলচ্চিত্ৰখনৰ চৰিত্ৰবোৰে প্ৰকাশ কৰা সংবেদনশীলতা আন্তৰ্জাতিক মানদণ্ডৰ। মই সমগ্ৰ বিশ্বক কাশ্মীৰ উপত্যকাত সংঘটিত ঘটনাৰ সত্যতা দেখুৱাব বিচাৰিছিলো।’

লগতে চাওকঃ

‘আমি ৰাজনীতি বুজো…’ দ্য কাশ্মিৰী ফাইলছ সন্দৰ্ভত আৰু কি ক’লে পৰেশ বৰুৱাই?

G7 8

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!